ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
30 নং শাৰী:
মোগলৰ দিনত নামনি অসমক অৰ্থাৎ চৰকাৰ-কামৰূপক কিছুমান পৰগণাত ভাগ কৰি লৈছিল। চৰকাৰ-কামৰূপৰ শাসনভাৰ মোগলৰ পৰা [[আহোম ৰাজবংশ|আহোমৰ]] হাতলৈ অহাৰ পিচতো কেইটামান পৰগণা বিভাজন কৰি সৰু কৰি লোৱাৰ বাদে এই ব্যৱস্থাটোৰ বিশেষ সাল-সলনি কৰা নাছিল। ১৮২৬ত ইয়াণ্ডাবু সন্ধিৰ যোগে অসমৰ শাসনভাৰ বৃটিছলৈ হস্তান্তৰ হ’ল। ১৮৩৩-৩৪ চনত কামৰুপৰ শাসক কেপ্তেইন বগলচে প্ৰথমবাৰৰ বাবে বাৰ্ষিকভিত্তিত ভূমি পট্টনৰ ব্যৱস্থা আনিলে আৰু পুৰ্বৰ পৰগণাবোৰক সৰু কৰি ললে। এই পৰগণাবোৰক মৌজা বা মহলো (Circle) বোলা হৈছিল। এই পৰগণাবোৰৰ পৰা ৰাজহ আদায় কৰাৰ বাবে চৌধুৰী নামেৰে বিষয়া আৰু তেওঁক সহায় কৰিবলৈ পাটোৱাৰী, ঠাকুৰীয়া, কাকতি আৰু পিয়াদা পদৱীৰ সৃষ্টি কৰিলে।<ref name="kanak">{{Cite journal |authorlink=কণক শৰ্মা |year=২০১৬ |title=ৰঙিয়াৰ পুৰণি তথ্য বিচাৰি |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০৬-১১০}}</ref><ref>{{Cite web |title=Report on Assam by A. J. Moffatt Mills |url=https://books.google.co.in/books/about/Report_on_Assam.html?id=wN4dAAAAMAAJ&redir_esc=y |accessdate=14-10-2019}}</ref>
 
ঊনবিংশ শতাব্দীৰ চতুৰ্থ, পঞ্চম দশকমানতে ৰঙিয়াক প্ৰশাসনীয় আৰু ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেতিয়াই ইয়াত এজন দাৰোগাৰ অধীনত এখন থানা স্থাপন কৰিছিল। ১৮৫৩ চনৰ এ জে মোফাট মিলচৰ প্ৰতিবেদনত উল্লেখ আছিল যে সেই সময়ত কামৰুপত সেইসময়ত মুঠতে ৬খন থানা আছিল। ৰঙিয়া থানাৰ কৰ্মচাৰী আছিল এনে ধৰণৰ- দাৰোগা- ১, মহৰী- ১, জামাদাৰ-১, কাকতি- ১, বৰকান্দাজ-৯, টেকেলা-৭।<ref name="kanak" /> আছিল। সেইকেইখন হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।<ref name="gagan" />
 
১৮৭০ চনত ভুমি বন্দোৱস্তী নিয়মাৱলী প্ৰস্তুত আৰু ৰাজহ নিৰ্দ্ধাৰণ আৰু ভুমি পট্টনৰ সুসংহত ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। মৌজাদাৰ, মণ্ডল আদি বিভিন্ন ৰাজহ বিষয়াৰ পদৱী সৃষ্টি কৰা হয়। কামৰুপ জিলাৰ ভূমি জৰীপ আৰু ভুমি শ্ৰেণীকৰণৰ কামো আৰম্ভ হয়। এই সময়তে ৰঙিয়াত ৮খন মৌজা বা পৰগণাক সামৰি এটা তহচিল গঠন কৰা হয়।<ref name="kanak" /> সেইকেইটা হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।<ref name="gagan" />
 
==বিদ্ৰোহ==