ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
38 নং শাৰী:
==ৰঙিয়াত কৃষক বিদ্ৰোহৰ উকমুকনি==
১৮৯৩ চনৰ কামৰুপৰ জিলাধিপতি আৰ.বি.মেকবিয়ে (R.B. Macabe) কৃষকসকলক বৰ্দ্ধিত খাজানা দিবলৈ আদেশ দিয়ে। ইয়াৰ বিৰুদ্ধে পাতিদৰং, নলবাৰী, বৰমা, বজালী, উপৰ বৰভাগ আদি ঠাইত প্ৰবল প্ৰতিবাদ হয়। ১৮৮৩ৰ ডিচেম্বৰত বৰ্তমানৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৰলীয়া নৈৰ পাৰৰ বাহাৰঘাট অঞ্চলৰ চৌমুখা গাঁওত বৰ্দ্ধিত খাজানাৰ বিৰুদ্ধে বৰবাৰী সত্ৰৰ কণ গোঁসাই ওৰফে জয়চন্দ্ৰ গোস্বামী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এখন ৰাইজমেল অনুষ্ঠিত হয়। কণ গোঁসাইক সহযোগিতা কৰে বাৰাংহাটী গাঁওৰ মতিফল দাস আৰু সানেকুছি গাঁওৰ অভয় চৌধুৰীয়ে। ৰাইজমেলত চৰকাৰক বৰ্দ্ধিত খাজানা নিদিবলৈ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তৰ কথা ৰঙিয়া তহচিলৰ গাঁওসমূহত জনাই দিবলৈ কীৰ্তিৰাম লহকৰ (গুৰুকুছি), কৃষ্ণ কাকতি (মুৰাৰা), ৰহমত খলিফা, শনিৰাম বায়ন (সীতাৰা), জলটি কলিতা (বটাকুছি), পৰশুৰাম বড়ো আদি কেইজনমান ব্যক্তিক দায়িত্ব দিয়া হয়।<ref name="gagan" />
 
১৮৮৩ৰ ২০ ডিচেম্বৰৰ দিনা তহচিলদাৰ ৰাধানাথ বৰুৱা তামুলপৰুৰৰ পৰা উভতি অহাৰ বাটত কেইজনমান কৃষকে আগচি ধৰি মাৰধৰ কৰে। চাৰে চাৰিদিন পিছত ২৪ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ ওচৰৰ হাটখোলাত কৃষকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। তাতেই কিছু বিক্ষুব্ধ লোকে হাটখোলাৰ ঘৰবোৰ লণ্ডভণ্ড কৰে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা মাট বন্ধকীৰ নথি-পত্ৰ লুটপাত কৰি আনে।<ref name="gagan" />
 
==স্মাৰক==