নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ Category:জীৱনী নিৰুপমা বৰগোহাঞি(১৯৩২) ...
 
No edit summary
2 নং শাৰী:
[[Category:জীৱনী]]
 
'''নিৰুপমা বৰগোহাঞি'''(১৯৩২) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক ৰূপে সুপ্ৰসিদ্ধ | নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ্পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় | প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে | ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্বও বহন কৰে | নাৰীৰ সামাজিক মৰ্যদাক সদা গুৰুত্ব দি অহা নিৰুপমা তামুলী হোমেন বৰগোহাঞিৰ লগত ষাঠিৰ দশকতে বিবাহ পাশত আৱদ্ধ হয় | তেখেতে "অভিযাত্ৰী" উপন্যসৰ বাবে ১৯৯৬ চনত সাহিত্য একাডেমী বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে | তেখেতে প্ৰবীণা শ‍ইকীয়া বঁটাও লাভ কৰে |