নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''নামঘোষা''' হৈছে [[মাধৱদেৱ]]ৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।<ref name="Madhava_guru_ratnavali">{{Cite web |title=The Bhakti Ratnavali of Madhavadeva |url=http://atributetosankaradeva.org/Madhava_guru_ratnavali.htm |publisher=ATributeToSankaradeva |accessdate=14 October 2019}}<ref/> অন্য তিনিখন পুথি হৈছে [[শংকৰদেৱ|মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ]]ৰ দ্বাৰা ৰচিত [[কীৰ্তন]], [[দশম]] আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত [[ভক্তি ৰত্নাৱলী]]।<ref name="Madhava_guru_ratnavali"/>
=='''বিৱৰণ'''==
 
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, "আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?" তেতিয়া শংকৰদেৱে উত্তৰ দিলে, "মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌। " গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক ''হেজাৰী ঘোষা'' বোলা হয়।মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
54 নং শাৰী:
 
==অন্যান্য==
'''নামঘোষা'''ৰনামঘোষাৰ প্ৰসংগত ''[[দৈতাৰি ঠাকুৰ]]ৰ চৰিত পুথি''ত উল্লেখ আছে-
<poem>দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়।।
65 নং শাৰী:
 
এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -
'''[[ড০ নগেন শইকীয়া]]'''—"নামঘোষা [[মাধৱদেৱ]]ৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "
'''[[ড০ বাণীকান্ত কাকতি]]'''—"নাম-ঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি, [[মাধৱদেৱ]]ৰ আত্মলঘিমা আৰু কৃষ্ণস্তুতিৰ মাহাত্ম্য। হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়েই 'নাম-ঘোষা'ক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিসিক্ত প্ৰকৃত সাহিত্যৰ সমুখ আসনত ঠাই দিছে।"
'''[[সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা]]'''— "মোক মানুহে গণ্ডপ মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে;বোলক, তাত মোৰ দুখ নাই। কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে। যদি মই গল মেলি কওঁ যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন Scripture বা শাস্ত্ৰ ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়, বাক্য, মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰপৰা ওলোৱা কাৰুণ্য স্তুতিৰ উঁহ। অকল সিয়েই নহয়, সেই অবাঙমন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দানুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰপৰা আপোনা-আপুনি উথলি পৰা পৰমানন্দ প্ৰৱাহৰ পুষ্পাঞ্জলি।"
'''[[ড০ মহেশ্বৰ নেওগ]]'''—"'নাম-ঘোষা' পৰম ভক্ত মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দোময় প্ৰকাশ।"
'''[[ড০ সত্যেন্দ্ৰনাথ শৰ্মা]]'''—"[[মাধৱদেৱ]]ৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধ হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। "
'''[[বিনোৱাভাৱে]]'''—"নাম-ঘোষা বিশ্বৰ এখনি শ্ৰেষ্ঠ ভক্তিগ্ৰন্থ।বিশ্বৰ সকলো সাহিত্যতে এনে ভক্তিমূলক গ্ৰন্থ বিৰল। "
 
==স্ৰষ্টাৰ পৰিচয়==
 
নামঘোষা [[মাধৱদেৱ|মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে]] ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।
==তথ্য উৎস সংগ্ৰহ==
 
{{Reflist}}
==তথ্য উৎস==
 
*কীৰ্তনঘোষা আৰু নাম-ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত
*মাধৱ-বান্ধৱ (স্মৃতিগ্ৰন্থ) দেৱকান্ত গগৈ সম্পাদিত
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে