ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
36 নং শাৰী:
১৮৮৩ৰ এপ্ৰিল মাহৰ পৰা অসমৰ মূল জিলাকেইখনত (Assam proper) দহবছৰীয়া পট্টা দিয়াৰ বাবে আৰু খাজনাৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুনকৈ মাটিৰ শ্ৰেণী বিভাজন কৰি চৰকাৰে পুনৰ বন্দোৱস্তীৰ কাম আৰম্ভ কৰে। এই লৈ অসমৰ কৃষকসকলৰ মাজত অসন্তোষে গা কৰি উঠে।<ref name="kanak" /> ১৮৬১ চনত অসমত আফু খেতি নিষিদ্ধ কৰাৰ লগতে পান-তামোল আদিৰ ওপৰতো কৰ আৰোপ কৰিবলৈ যো-যা চলায়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে ১৮৬১ত ফুলগুৰি আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিদ্ৰোহে গা কৰি উঠে। এয়ে বিখ্যাত [[ফুলগুৰি ধেৱা]]- [[বৃটিছ ৰাজ|বৃটিছৰ]] বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ।<ref name="gagan" />
 
==ৰঙিয়াত কৃষক বিদ্ৰোহৰ উকমুকনি==
১৮৯৩ চনৰ কামৰুপৰ জিলাধিপতি আৰ.বি.মেকবিয়েমেকাবিয়ে (R.B. Macabe) কৃষকসকলক বৰ্দ্ধিত খাজানা দিবলৈ আদেশ দিয়ে। ইয়াৰ বিৰুদ্ধে পাতিদৰং, নলবাৰী, বৰমা, বজালী, উপৰ বৰভাগ আদি ঠাইত প্ৰবল প্ৰতিবাদ হয়। ১৮৮৩ৰ ডিচেম্বৰত বৰ্তমানৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৰলীয়া নৈৰ পাৰৰ বাহাৰঘাট অঞ্চলৰ চৌমুখা গাঁওত বৰ্দ্ধিত খাজানাৰ বিৰুদ্ধে বৰবাৰী সত্ৰৰ কণ গোঁসাই ওৰফে জয়চন্দ্ৰ গোস্বামী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এখন ৰাইজমেল অনুষ্ঠিত হয়। কণ গোঁসাইক সহযোগিতা কৰে বাৰাংহাটী গাঁওৰ মতিফল দাস আৰু সানেকুছি গাঁওৰ অভয় চৌধুৰীয়ে। ৰাইজমেলত চৰকাৰক বৰ্দ্ধিত খাজানা নিদিবলৈ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তৰ কথা ৰঙিয়া তহচিলৰ গাঁওসমূহত জনাই দিবলৈ কীৰ্তিৰাম লহকৰ (গুৰুকুছি), কৃষ্ণ কাকতি (মুৰাৰা), ৰহমত খলিফা, শনিৰাম বায়ন (সীতাৰা), জলটি কলিতা (বটাকুছি), পৰশুৰাম বড়ো আদি কেইজনমান ব্যক্তিক দায়িত্ব দিয়া হয়।<ref name="gagan" />
 
১৮৮৩ৰ ২০ ডিচেম্বৰৰ দিনা তহচিলদাৰ ৰাধানাথ বৰুৱা [[তামুলপৰুৰ|তামুলপুৰ]]ৰ পৰা উভতি অহাৰ বাটত কেইজনমান কৃষকে আগচি ধৰি মাৰধৰ কৰে। চাৰে চাৰিদিন পিছত ২৪ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ ওচৰৰ হাটখোলাত কৃষকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। তাতেই কিছু বিক্ষুব্ধ লোকে হাটখোলাৰ ঘৰবোৰ লণ্ডভণ্ড কৰে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা মাটমাটি বন্ধকীৰ নথি-পত্ৰ লুটপাত কৰি আনে।<ref name="gagan" />
 
১৮৯৩ৰ ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়াৰ ডাকবঙলাত জিলা উপায়ুক্ত আৰ.বি.মেকাবি উপস্থিত আছিল। তালৈ কণ গোস্বামী, জলটি লহকৰ আদি কেইজনমান কৃষক নেতাই আহি বৰ্দ্ধিত খাজানা প্ৰত্যাহাৰ কৰিবলৈ এখন আবেদন দিয়ে। খঙতে উপাযুক্তগৰাকীয়ে আবেদন লৈ যোৱা লোকসকলক অস্থায়ী ফাটেকত আবদ্ধ কৰি থয়। ডাকবঙলাৰ বাহিৰত থিয় হৈ থকা ছত্ৰপতি কলিতা, কৃষ্ণ কাকতি, শনিৰাম বায়ন আদি আন কেইজনমান কৃষকে এই ঘটনা দেখি পলাই আহি ৰাইজক ঘটনাৰ সবিশেষ জনায়। মেকাবিয়ে বন্দীসকলক শাৰীৰিক নিৰ্যাতন দিয়ে। কৃষক নেতা কণ গোস্বামী আৰু অভয় চৌধুৰীক কান্ধত নাঙল-যুঁৱলি লগাই হাল টানিবলৈ লগাই দিছিল।<ref name="gagan" />
 
১৮৯৪ৰ জানুৱাৰী মাহত বৰ্তমানৰ নলবাৰী জিলাৰ কদমতলত উত্তৰ কামৰূপৰ মুখীয়াল লোকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা হয়। তেওঁলোকে প্ৰস্থাৱ ল'লে যে ৰঙিয়ালৈ আহি চৰকাৰক আবেদন জনাব যাতে ফাটেকিয়ালসকলক মুক্তি দিয়ে।<ref name="gagan" />
 
==বিদ্ৰোহ==
১৮৯৪ৰ ১০ জানুৱাৰীত তিনিহাজাৰতকৈয়ো বিদ্ৰোহী কৃষক টাঠি-টাঙোনসহ ৰঙিয়া থানাত উপস্থিত হয়। তেওঁলোকে বলপূৰ্বক ফাটেকিয়ালসকলক মুকলি কৰি আনিবলৈ চেষ্টা চলায় আৰু উপায়ুক্তক আক্ৰমণ কৰে। ৰাইজৰ প্ৰহাৰত আৰ.বি.মেকাবিৰ মূত্যু হয়। ৰাইজক ছত্ৰভঙ্গ দিয়াবলৈ পুলিচে গুলি বৰ্ষণ কৰে। চৰকাৰী তথ্যমতে গুলীবৰ্ষণত এজনো লোকৰ মৃত্যু হোৱা নাছিল; কিন্তু জনশ্ৰুতিমতে ১৭জন লোকৰ মৃত্যু হৈছিল। আনহাতে বিদ্ৰোহীৰ হাততো চৰকাৰী বাহিনীৰ মৃত্যু হয়।<ref name="gagan" />
 
চৰকাৰী নিৰ্যাতন ক্ৰমশঃ বাঢ়ি আহিল। ৰাইজ অসহায় হৈ পৰিল। ৰাইজৰ উদ্যোমো হ্ৰাস পালে। মণ্ডল জলটিৰাম কলিতাক বিদ্ৰোহত অংশ লোৱা বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।<ref name="ila" /> বিদ্ৰোহৰ নেতা কণ গোস্বামীয়ে তহচিলদাৰক বৰ্দ্ধিত খাজানা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দি ফাটেকৰ পৰা মুকলি হৈ আহিল।<ref name="gagan" />
 
==স্মাৰক==
১৯৪২ চনত স্বাধীনতা সংগ্ৰামীসকলে ৰঙিয়াৰ তহচিলদাৰৰ কাৰ্যালয়টো পুৰি পেলাইছিল। ১৯৯৪ চনত ৰঙিয়াৰ ৰাইজে ৰাইজমেলৰ শতবৰ্ষ পালন কৰে। ১৯৯৬ চনত সেই মাটিতে সাংসদ পূঁজিৰ ধনেৰে তাত ৰাইজমেলৰ সোঁৱৰণত ''কৃষক ছহিদ ভৱন'' নিৰ্মাণ কৰিবলৈ প্ৰৰ্স্তুতি চলায় আৰু ২০০৪ৰ ১৫ ডিচেম্বৰৰ দিনা ভৱনটো উদ্বোধন কৰা হয়।<ref name="ila" />
 
==তথ্য উৎস==