ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
link
25 নং শাৰী:
| notes =
}}
'''ৰঙিয়া ৰাইজমেল''' ({{Lang-en|Rangia Raijmel}}) ৰঙিয়া তহচিলৰ কৃষকসকলে বৃটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ [[ৰঙিয়া]] থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত [[কামৰূপ জিলা|কামৰূপৰ]] ডেপুটি কমিচনাৰ মেকাবি (R.B. Mecabe) চাহেবৰ মৃত্যু হয়। তেতিয়া পুলিছে গুলি চলায়। চৰকাৰীভাবে সেই গুলীচালনাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কোৱা হৈছিল যদিও জনশ্ৰুতিমতে সোতৰজন লোকৰ মৃত্যু হৈছিল।<ref name="gagan">{{Cite journal |authorlink=গগণ কলিতা |year=২০১৬ |title=ৰাইজমেল: গগণ ডেকা |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০০-১০৫}}</ref><ref name="ila">{{Cite journal |authorlink=ইলা দেৱী অধিকাৰী |year=২০১৬ |title=ৰঙিয়া থানাৰ কথা: ইলা দেৱী অধিকাৰী |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১১১-১১৩}}</ref>
 
==ঐতিহাসিক প্ৰেক্ষাপট==
মোগলৰ দিনত [[নামনি অসম]]ক অৰ্থাৎ চৰকাৰ-কামৰূপক কিছুমান পৰগণাত ভাগ কৰি লৈছিল। চৰকাৰ-কামৰূপৰ শাসনভাৰ [[:en:Mughal Empire|মোগলৰ]] পৰা [[আহোম ৰাজবংশ|আহোমৰ]] হাতলৈ অহাৰ পিচতো কেইটামান পৰগণা বিভাজন কৰি সৰু কৰি লোৱাৰ বাদে এই ব্যৱস্থাটোৰ বিশেষ সাল-সলনি কৰা নাছিল। ১৮২৬ত [[ইয়াণ্ডাবু সন্ধিৰসন্ধি়]]ৰ যোগে অসমৰ শাসনভাৰ [[:en:British Raj|বৃটিছলৈ]] হস্তান্তৰ হ’ল। ১৮৩৩-৩৪ চনত কামৰুপৰ শাসক কেপ্তেইন বগলচে প্ৰথমবাৰৰ বাবে বাৰ্ষিকভিত্তিত ভূমি পট্টনৰ ব্যৱস্থা আনিলে আৰু পুৰ্বৰ পৰগণাবোৰক সৰু কৰি ললে। এই পৰগণাবোৰক মৌজা বা মহলো (Circle) বোলা হৈছিল। এই পৰগণাবোৰৰ পৰা ৰাজহ আদায় কৰাৰ বাবে চৌধুৰী নামেৰে বিষয়া আৰু তেওঁক সহায় কৰিবলৈ পাটোৱাৰী, ঠাকুৰীয়া, কাকতি আৰু পিয়াদা পদৱীৰ সৃষ্টি কৰিলে।<ref name="kanak">{{Cite journal |authorlink=কণক শৰ্মা |year=২০১৬ |title=ৰঙিয়াৰ পুৰণি তথ্য বিচাৰি: কণক শৰ্মা |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০৬-১১০}}</ref><ref>{{Cite web |title=Report on Assam by A. J. Moffatt Mills |url=https://books.google.co.in/books/about/Report_on_Assam.html?id=wN4dAAAAMAAJ&redir_esc=y |accessdate=14-10-2019}}</ref>
 
ঊনবিংশ শতাব্দীৰ চতুৰ্থ, পঞ্চম দশকমানতে ৰঙিয়াক[[ৰঙিয়া]]ক প্ৰশাসনীয় আৰু ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেতিয়াই ইয়াত এজন দাৰোগাৰ অধীনত এখন থানা স্থাপন কৰিছিল। ১৮৫৩ চনৰ এ জে মোফাট মিলচৰ প্ৰতিবেদনত উল্লেখ আছিল যে সেই সময়ত কামৰুপত সেইসময়ত মুঠতে ৬খন থানা আছিল। ৰঙিয়া থানাৰ কৰ্মচাৰী আছিল এনে ধৰণৰ- দাৰোগা- ১, মহৰী- ১, জামাদাৰ-১, কাকতি- ১, বৰকান্দাজ-৯, টেকেলা-৭।<ref name="kanak" />
 
১৮৭০ চনত ভুমি বন্দোৱস্তী নিয়মাৱলী প্ৰস্তুত আৰু ৰাজহ নিৰ্দ্ধাৰণ আৰু ভুমি পট্টনৰ সুসংহত ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। মৌজাদাৰ, মণ্ডল আদি বিভিন্ন ৰাজহ বিষয়াৰ পদৱী সৃষ্টি কৰা হয়। [[কামৰুপ জিলা]]ৰ ভূমি জৰীপ আৰু ভুমি শ্ৰেণীকৰণৰ কামো আৰম্ভ হয়। এই সময়তে ৰঙিয়াত ৮খন মৌজা বা পৰগণাক সামৰি এটা তহচিল গঠন কৰা হয়। তহচিলদাৰ হিচাপে নিযুক্তি দিছিল ৰাধানাথ বৰুৱাক। তেওঁ ১৮৮২ৰ পৰা ৰঙিয়াৰ তহচিলদাৰ আছিল।<ref name="kanak" /> ৰঙিয়া তহচিলৰ অন্তৰ্গত পৰগণাকেইটা হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।<ref name="gagan" />
41 নং শাৰী:
১৮৮৩ৰ ২০ ডিচেম্বৰৰ দিনা তহচিলদাৰ ৰাধানাথ বৰুৱা [[তামুলপৰুৰ|তামুলপুৰ]]ৰ পৰা উভতি অহাৰ বাটত কেইজনমান কৃষকে আগচি ধৰি মাৰধৰ কৰে। চাৰে চাৰিদিন পিছত ২৪ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ ওচৰৰ হাটখোলাত কৃষকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। তাতেই কিছু বিক্ষুব্ধ লোকে হাটখোলাৰ ঘৰবোৰ লণ্ডভণ্ড কৰে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা মাটি বন্ধকীৰ নথি-পত্ৰ লুটপাত কৰি আনে।<ref name="gagan" />
 
১৮৯৩ৰ ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়াৰ[[ৰঙিয়া]]ৰ ডাকবঙলাত জিলা উপায়ুক্ত আৰ.বি.মেকাবি উপস্থিত আছিল। তালৈ কণ গোস্বামী, জলটি লহকৰ আদি কেইজনমান কৃষক নেতাই আহি বৰ্দ্ধিত খাজানা প্ৰত্যাহাৰ কৰিবলৈ এখন আবেদন দিয়ে। খঙতে উপাযুক্তগৰাকীয়ে আবেদন লৈ যোৱা লোকসকলক অস্থায়ী ফাটেকত আবদ্ধ কৰি থয়। ডাকবঙলাৰ বাহিৰত থিয় হৈ থকা ছত্ৰপতি কলিতা, কৃষ্ণ কাকতি, শনিৰাম বায়ন আদি আন কেইজনমান কৃষকে এই ঘটনা দেখি পলাই আহি ৰাইজক ঘটনাৰ সবিশেষ জনায়। মেকাবিয়ে বন্দীসকলক শাৰীৰিক নিৰ্যাতন দিয়ে। কৃষক নেতা কণ গোস্বামী আৰু অভয় চৌধুৰীক কান্ধত নাঙল-যুঁৱলি লগাই হাল টানিবলৈ লগাই দিছিল।<ref name="gagan" />
 
১৮৯৪ৰ জানুৱাৰী মাহত বৰ্তমানৰ [[নলবাৰী জিলাৰজিলা]]ৰ কদমতলত উত্তৰ কামৰূপৰ মুখীয়াল লোকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা হয়। তেওঁলোকে প্ৰস্থাৱ ল'লে যে ৰঙিয়ালৈ আহি চৰকাৰক আবেদন জনাব যাতে ফাটেকিয়ালসকলক মুক্তি দিয়ে।<ref name="gagan" />
 
==বিদ্ৰোহ==
51 নং শাৰী:
 
==স্মাৰক==
১৯৪২ চনত স্বাধীনতা সংগ্ৰামীসকলে ৰঙিয়াৰ তহচিলদাৰৰ কাৰ্যালয়টো পুৰি পেলাইছিল। ১৯৯৪ চনত ৰঙিয়াৰ ৰাইজে ৰাইজমেলৰ শতবৰ্ষ পালন কৰে। ১৯৯৬ চনত সেই মাটিতে সাংসদ পূঁজিৰ ধনেৰে তাত ৰাইজমেলৰ সোঁৱৰণত ''কৃষক ছহিদ ভৱন'' নিৰ্মাণ কৰিবলৈ প্ৰৰ্স্তুতি চলায়আৰম্ভ আৰু ২০০৪ৰ ১৫ ডিচেম্বৰৰ দিনা ভৱনটো উদ্বোধন কৰা হয়।<ref name="ila" />
 
==তথ্য উৎস==