ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
ঊনবিংশ শতাব্দীৰ চতুৰ্থ, পঞ্চম দশকমানতে [[ৰঙিয়া]]ক প্ৰশাসনীয় আৰু ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেতিয়াই ইয়াত এজন দাৰোগাৰ অধীনত এখন থানা স্থাপন কৰিছিল। ১৮৫৩ চনৰ এ জে মোফাট মিলচৰ প্ৰতিবেদনত উল্লেখ আছিল যে সেই সময়ত কামৰুপত সেইসময়ত মুঠতে ৬খন থানা আছিল। ৰঙিয়া থানাৰ কৰ্মচাৰী আছিল এনে ধৰণৰ- দাৰোগা- ১, মহৰী- ১, জামাদাৰ-১, কাকতি- ১, বৰকান্দাজ-৯, টেকেলা-৭।<ref name="kanak" />
 
১৮৭০ চনত ভুমি বন্দোৱস্তী নিয়মাৱলী প্ৰস্তুত আৰু ৰাজহ নিৰ্দ্ধাৰণ আৰু ভুমি পট্টনৰ সুসংহত ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। মৌজাদাৰ, মণ্ডল আদি বিভিন্ন ৰাজহ বিষয়াৰ পদৱী সৃষ্টি কৰা হয়। [[কামৰুপকামৰূপ জিলা]]ৰ ভূমি জৰীপ আৰু ভুমি শ্ৰেণীকৰণৰ কামো আৰম্ভ হয়। এই সময়তে ৰঙিয়াত ৮খন মৌজা বা পৰগণাক সামৰি এটা তহচিল গঠন কৰা হয়। তহচিলদাৰ হিচাপে নিযুক্তি দিছিল ৰাধানাথ বৰুৱাক। তেওঁ ১৮৮২ৰ পৰা ৰঙিয়াৰ তহচিলদাৰ আছিল।<ref name="kanak" /> ৰঙিয়া তহচিলৰ অন্তৰ্গত পৰগণাকেইটা হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।<ref name="gagan" />
 
১৮৮৩ৰ এপ্ৰিল মাহৰ পৰা অসমৰ মূল জিলাকেইখনত (Assam proper) দহবছৰীয়া পট্টা দিয়াৰ বাবে আৰু খাজনাৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুনকৈ মাটিৰ শ্ৰেণী বিভাজন কৰি চৰকাৰে পুনৰ বন্দোৱস্তীৰ কাম আৰম্ভ কৰে। এই লৈ অসমৰ কৃষকসকলৰ মাজত অসন্তোষে গা কৰি উঠে।<ref name="kanak" /> ১৮৬১ চনত অসমত আফু খেতি নিষিদ্ধ কৰাৰ লগতে পান-তামোল আদিৰ ওপৰতো কৰ আৰোপ কৰিবলৈ যো-যা চলায়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে ১৮৬১ত ফুলগুৰি আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিদ্ৰোহে গা কৰি উঠে। এয়ে বিখ্যাত [[ফুলগুৰি ধেৱা]]- [[বৃটিছ ৰাজ|বৃটিছৰ]] বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ।<ref name="gagan" />