আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
লক্ষ্মী পূজাৰ দিনা নাইবা ঘৰলৈ ধানৰ লখিমী ছপাবৰ দিনা সবাই পাতি লখিমীয়ে লগ নেৰিবলৈ এই লখিমী সবাহৰ গীত গােৱা হয় । বয়স অনুক্রমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰােগে ল'ৰা-ছােৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায় । সেইদৰে সুবচনী দেৱীকো অসুখ- অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে তুতি প্রার্থনা কৰা হয় । এই কেইগৰাকী উপদেৱীক মহামায়া বা দুর্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে । এই অনুষ্ঠানবােৰত আইসকলে গােৱা গীতবােৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্রগাঢ় ভক্তিৰ পৰিচয় পােৱা যায়। দেৱক মাতৃ জ্ঞানেৰে, অতি আপােনজনৰ দৰে আন্তৰিক শ্রদ্ধা। আৰু ভক্তিৰে গীতবােৰৰ যােগেদি আহ্বান কৰা হয় । ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবােৰৰ বিশেষত্ব। যদি অনুভৱৰ আন্তৰিকতা ( sincerity of feeling) আৰু প্রকাশভঙ্গিৰ স্বচ্ছতাৰ কবিতাৰ কষটি শিল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ নামবােৰে শ্রেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে । আইসকলে ভগৱতীক পাৰ্থিৱ যি বস্তুকেই উপচাৰৰূপে আগবঢ়াই সন্তুষ্ট কৰিব খােজে সেই বস্তুৱেই কিবা নহয় কিবা কাৰণে অপৱিত্ৰ, সেই কাৰণে পুৱা-গধূলি নামপূজাৰেই পুজিবলৈ ভগৱতীৰ ওচৰত আকুতি জনাইছে-
 
*যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
*আপােনাৰ নামে মাতৃ আপুনি সন্তোষ হােৱা ৷
 
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্তা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ অভাৱনীয় পৰিৱৰ্তন আৰু সৌন্দর্য কেনেদৰে পৰিস্ত হৈছে তাৰ প্রকৃষ্ট নিদর্শন তলৰ গীতটিয়েই দাঙি ধৰিব। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২</ref>
 
*উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
*তৰু-তৃণলতা সবে দোঁৱাই মাথা আই আহিবৰে শুনি ।।
*সােণৰে চকৰি, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।
*চহৰ ফুৰিবলৈ আইলােক আহিছে জীৱদান মাগিছে আমি ।।
*নাজানি সােমালো, আইৰ ফুলেবাৰী, নিচিনি চিঙিলোঁ কলি
*ইবাৰৰ দোষকে ক্ষমিবা গােসানী মাতা চৰণত ধৰি ৷৷
*দুখীয়াৰ ঘৰলৈ আইলােক আহিছে, দিবলৈ নাই যে একো।
*মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো।
 
শেষৰ শাৰীটোত আয়তীসকলৰ আত্মসমর্পণৰ ভাৱ, ভক্তিতগতচিত্ততা সুন্দৰভাৱে প্ৰকাশ পাইছে । যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবােৰ ৰচিত হৈছে সেই অনুষ্ঠানবােৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবােৰৰ ভাষা আধুনিক হৈছে। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২</ref>
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে