আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox music genre
| name =আইনাম
| color =
| bgcolor =
| stylistic_origins =
| cultural_origins = লোক সাহিত্য
| instruments =
| popularity =
| derivatives =
| subgenrelist =
| subgenres =
| fusiongenres =
| regional_scenes =
| local_scenes =
| other_topics =
}}
 
'''আইনাম'''
অসমৰ [[লোকগীত]]সমূহৰ ভিতৰত এটা প্ৰধান ভাগ হৈছে আইনাম৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, [[বিয়ানাম]], [[বিহুগীত]] আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৩, পৃষ্ঠা-২১</ref>
আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত ৷ বসন্ত নামৰ ৰোগবিধ মানুহৰ গাত ওলালে এই নাম গোৱা হয় ৷ [[বসন্ত ৰোগ]] ‘সাত গৰাকী আই বা দেৱীৰ’ কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্রমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰােগে ল'ৰা-ছােৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায় । সেইদৰে সুবচনী দেৱীকো অসুখ- অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে তুতিস্তুতি প্রার্থনা কৰা হয় । এই কেইগৰাকী উপদেৱীক মহামায়া বা দুর্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে । এই অনুষ্ঠানবােৰত আইসকলে গােৱা গীতবােৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্রগাঢ় ভক্তিৰ পৰিচয় পােৱা যায়। দেৱক মাতৃ জ্ঞানেৰে, অতি আপােনজনৰ দৰে আন্তৰিক শ্রদ্ধা আৰু ভক্তিৰে গীতবােৰৰ যােগেদি আহ্বান কৰা হয় । ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবােৰৰ বিশেষত্ব। যদি অনুভৱৰ আন্তৰিকতা ( sincerity of feeling) আৰু প্রকাশভঙ্গীৰ স্বচ্ছতাৰ কবিতাৰ কষটি শিল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ নামবােৰে শ্রেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে । আইসকলে ভগৱতীক পাৰ্থিৱ যি বস্তুকেই উপচাৰৰূপে আগবঢ়াই সন্তুষ্ট কৰিব খােজে সেই বস্তুৱেই কিবা নহয় কিবা কাৰণে অপৱিত্ৰ, সেই কাৰণে পুৱা-গধূলি নামপূজাৰেই পুজিবলৈ ভগৱতীৰ ওচৰত আকুতি জনাইছে-
 
*যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে