স্পঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
 
==বৈশিষ্ট্য==
বহুকোষী দেহত সুনিৰ্দিষ্ট কলা, কলাতন্ত্ৰ, অঙ্গ আৰু অঙ্গতন্ত্ৰ নাথাকে। প্ৰধানত অসাম্য দেহ, অৰ্থাৎ দেহ কোনো দিশৰ পৰাই সমানভাৱে ভাগ কৰিব পৰা নাযায়। দেহৰ নলিকাতন্ত্ৰ (Canal system) বৰ্তমানেও এই পৰ্বৰ অনন্য বৈশিষ্ট্য। দেহৰ অভ্যন্তৰত কোৱান'চাইট কোষৰ দ্বাৰা আবৃত স্পঞ্জোচিল (Spongocoel) নামৰ গহ্বৰ থাকে যি অছকুলাম (Osculum) নামৰ ডাঙৰ আকাৰৰ ছিদ্ৰেৰে বাহিৰলৈ উন্মুক্ত হৈ থাকে। দেহপ্ৰাচীৰ অষ্টিয়া (Ostia) নামৰ অসংখ্য ক্ষুদ্ৰাকৃতিৰ ছিদ্ৰ বিশিষ্ট, এইবোৰ প'ৰচাইট (porocyte) নামৰ কোষৰ দ্বাৰা গঠিত। দেহত ফ্লেজেলা বিশিষ্ট কোষ পিনাক'চাইট (Pinacocyte) আৰু কোৱান'চাইটৰ (Choanocyte) দ্বাৰা পৰিবেষ্টিত এক বা একাধিক প্ৰকোষ্ঠ (Chamber) থাকে। ইহঁতৰ দেহ ফুলদানি আকৃতিৰ (Vase-like), চুঙা আকৃতিৰ (Cylindrical), নলাকাৰ (Tubular), কুচন আকৃতিৰ (Cushion-shaped) ইত্যাদি আৰু প্ৰতিসাম্যতা (Symmetry) অপ্ৰতিসম (Asymmetry) অথবা পাৰ্শ্বীয় প্ৰতিসম (Radial symmetry)। দেহপ্ৰাচীৰ দ্বিস্তৰ বিশিষ্ট। বাহিৰৰ স্তৰ পিনাক'ডাৰ্ম (Pinacoderm) আৰু ভিতৰৰ স্তৰ কোৱান'ডাৰ্ম (Choanoderm)। উভৰ স্তৰৰ মাজত সাধাৰণতে অকোষীয় (Non-cellular) মেছেনকাইম (Mesenchyme) ধাত্ৰ থাকে য'ত স্পিকিউল (Spicule), স্পঞ্জিন (Spongin) আৰু এমিবয়ড (Amoeboid) কোষ দেখিবলৈ পোৱা যায়। পূৰ্ণাংগ প্ৰাণীবোৰ নিশ্চল (Sessile) অৰ্থাৎ কোনো অবকাঠামোত স্থায়ীভাবে লাগি থাকে। দেহত মুখছিদ্ৰ বা পায়ুছিদ্ৰ নাথাকে। ইহঁত অকলশৰীয়া (Solitary) অথবা উপনিৱেশ (Colonial) গঠন কৰি বাস কৰে। সকলো জলজ প্ৰাণী; বেছিভাগ সামুদ্ৰিক, কিছুমান প্ৰজাতি মৃদুপানীত বাস কৰে। সকলো স্পঞ্জেই উভলিঙ্গী (Hermaphrodite), যদিও ইহঁতে Allogamy তথা cross-fertilization প্ৰদৰ্শন কৰে অৰ্থাৎ একে দেহত স্ত্ৰী আৰু পুৰুষ জননকোষ উৎপন্ন হলেও দুটি ভিন্ন সদস্যৰ স্ত্ৰী আৰু পুৰুষ জননকোষৰ মাধ্যমেও নিষেচন (Fertilization) সম্পন্ন হয়। ইহঁতৰ অযৌন প্ৰজনন কোৰকমুকুল উৎপাদন বা মুকুলোদগম (Budding), দ্বিবিভাজন বা ফিছন (Fission) আৰু গেমিউল গঠনৰ (Gemmule formation) জৰিয়তে আৰু যৌন প্ৰজনন গেমেট'গনিৰ (Gametogony) যোগেদি হয়। সকলো প্ৰাণীৰ পুনৰুজ্জীৱন ক্ষমতা আছে। দেহেৰ ক্ষতিগ্ৰস্ত অংশৰ পুনঃ উৎপত্তিৰ (Regeneration) ক্ষমতা আছে।
 
==শ্ৰেণীবিন্যাস==
"https://as.wikipedia.org/wiki/স্পঞ্জ"ৰ পৰা অনা হৈছে