আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
No edit summary
18 নং শাৰী:
'''আইনাম'''
অসমৰ [[লোকগীত]]সমূহৰ ভিতৰত এটা প্ৰধান ভাগ হৈছে আইনাম৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, [[বিয়ানাম]], [[বিহুগীত]] আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷<ref name=শৰ্মা>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৩, পৃষ্ঠা-২১, ২২</ref>
আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত। বসন্ত নামৰ ৰোগবিধ মানুহৰ গাত ওলালে এই নাম গোৱা হয়। [[বসন্ত ৰোগ]] ‘সাত গৰাকী আই বা দেৱীৰ’ কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায়।<ref name="বিকাশ">{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}</ref> সেইদৰে সুবচনী দেৱীকো অসুখ- অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। দেৱকদেৱীক মাতৃ জ্ঞানেৰে, অতি আপোনজনৰ দৰেআপোনজনৰদৰে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব। যদি অনুভৱৰ আন্তৰিকতা (sincerity of feeling) আৰু প্ৰকাশভঙ্গীৰ স্বচ্ছতাৰ কবিতাৰ কষটি শিল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ নামবোৰে শ্ৰেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে। আইসকলে ভগৱতীক পাৰ্থিৱ যি বস্তুকেই উপচাৰৰূপে আগবঢ়াই সন্তুষ্ট কৰিব খোজে সেই বস্তুৱেই কিবা নহয় কিবা কাৰণে অপৱিত্ৰ, সেই কাৰণে পুৱা-গধূলি নামপূজাৰেই পুজিবলৈ ভগৱতীৰ ওচৰত আকুতিআইনামৰ জনাইছেউদাহৰণ-
 
*যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
*আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা।
 
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্তাভক্ত বা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ অভাৱনীয় পৰিৱৰ্তন আৰু সৌন্দৰ্য কেনেদৰে পৰিস্তপৰিস্ফূত হৈছে তাৰ প্ৰকৃষ্ট নিদৰ্শনউদাহৰণ তলৰ গীতটিয়েই দাঙি ধৰিব।<ref name=শৰ্মা/>
 
*উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
34 নং শাৰী:
*মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো।
 
শেষৰ শাৰীটোত আয়তীসকলৰ আত্মসমৰ্পণৰ ভাৱ, ভক্তিতগতচিত্ততাভক্তি সুন্দৰভাৱে প্ৰকাশ পাইছে। যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবোৰ ৰচিত হৈছে সেই অনুষ্ঠানবোৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবোৰৰ ভাষা আধুনিক হৈছে।<ref name=শৰ্মা/>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে