আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
20 নং শাৰী:
আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত। বসন্ত নামৰ ৰোগবিধ মানুহৰ গাত ওলালে এই নাম গোৱা হয়। [[বসন্ত ৰোগ]] ‘সাত গৰাকী আই বা দেৱীৰ’ কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায়।<ref name="বিকাশ">{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}</ref> সেইদৰে সুবচনী দেৱীকো অসুখ- অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ জ্ঞানেৰে, অতি আপোনজনৰদৰে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব। আইনামৰ উদাহৰণ-
 
*<poem>যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা।</poem>
 
*<poem>দুখীয়াৰ পুতলা আয়ে তুলি দিলে।
আইৰ মন দয়ালী নাই
আইৰ নাম শীতলা দুখীয়াৰ পুতলা
30 নং শাৰী:
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্ত বা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য কেনেদৰে পৰিস্ফূত হৈছে তাৰ উদাহৰণ তলৰ গীতটিয়েই দাঙি ধৰিব।<ref name=শৰ্মা/>
 
*#<poem>উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
তৰু-তৃণলতা সবে দোঁৱাই মাথা আই আহিবৰে শুনি।।
সোণৰে চকৰি, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে