ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
46 নং শাৰী:
 
==বিদ্ৰোহ==
১৮৯৪ৰ ১০ জানুৱাৰীত তিনিহাজাৰতকৈয়ো অধিক বিদ্ৰোহী কৃষক টাঠি-টাঙোনসহ ৰঙিয়া থানাত উপস্থিত হয়। তেওঁলোকে বলপূৰ্বক ফাটেকিয়ালসকলক মুকলি কৰি আনিবলৈ চেষ্টা চলায় আৰু উপায়ুক্তক আক্ৰমণ কৰে। ৰাইজৰ প্ৰহাৰত আৰ.বি.মেকাবিৰ মূত্যু হয়। ৰাইজক ছত্ৰভঙ্গ দিয়াবলৈ পুলিচে গুলি বৰ্ষণ কৰে। চৰকাৰী তথ্যমতে গুলীবৰ্ষণত এজনো লোকৰ মৃত্যু হোৱা নাছিল; কিন্তু জনশ্ৰুতিমতে ১৭জন লোকৰ মৃত্যু হৈছিল। আনহাতে বিদ্ৰোহীৰ হাততো চৰকাৰী বাহিনীৰ মৃত্যু হয়।<ref name="gagan" />
 
চৰকাৰী নিৰ্যাতন ক্ৰমশঃ বাঢ়ি আহিল। ৰাইজ অসহায় হৈ পৰিল। ৰাইজৰ উদ্যোমো হ্ৰাস পালে। মণ্ডল জলটিৰাম কলিতাক বিদ্ৰোহত অংশ লোৱা বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।<ref name="ila" /> বিদ্ৰোহৰ নেতা কণ গোস্বামীয়ে তহচিলদাৰক বৰ্দ্ধিত খাজানা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দি ফাটেকৰ পৰা মুকলি হৈ আহিল।<ref name="gagan" />