হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
27 নং শাৰী:
 
==কৰ্মজীৱন==
১৮৬৭ চনত হেনৰী কটনে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰি ভাৰতত উপস্থিত হয়। তেওঁৰ প্ৰথমে উইলিয়াম জেমছ হাৰ্চেলৰ অধীনত মিণ্ডাপুৰত নিযুক্ত হৈছিল।<ref name="memories" /> তাৰপিছত তেওঁ চৌদাংগাত সেৱা আগবঢ়ায় আৰু ১৮৭১ চনৰ প্ৰলয়ংকাৰী [[বানপানী]] প্ৰত্যক্ষ কৰে। ১৮৭২ চনত তেওঁ কলিকতাত নিযুক্তি লাভ কৰে। ১৮৭৩ চনত ছাৰ জৰ্জ কেম্পৱেলে তেওঁক বংগ চৰকাৰৰ সহকাৰী সচিব নিযুক্তি দিয়ে। ১৮৭৮ চনত তেওঁ ছট্টগ্ৰামৰ আয়ুক্ত পদ লাভ কৰে। ১৮৮০ চনত তেওঁ বংগ কৰ বৰ্ডত জ্যেষ্ঠ সচিব পদ লাভ কৰে। পিছলৈ তেওঁ চৰকাৰৰ কৰ সচিব, বিত্ত আৰু পৌৰসভা সচিব পদত অধিষ্ঠিত হয় আৰু বংগ বিধান পৰিষদৰো সদস্যপদ লাভ কৰে।
 
১৮৯৬ চনত তেওঁ অসম প্ৰদেশৰ চীফ কমিছনাৰ পদত অধিষ্ঠিত হয়। তেওঁৰ কাৰ্যকালত ব্ৰিটিছ ভাইছৰয় লৰ্ড কাৰ্জন অসমলৈ আহি কটনৰ ভূয়সী প্ৰশংসা কৰে।<ref>{{Cite newspaper The Times |articlename=The Viceroy's visit to Assam|day_of_week=Wednesday |date=14 March 1900 |page_number=5 |issue=36089| }}</ref> উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান [[কটন কলেজ]] তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০১ চনত স্থাপন কৰিছিল। ১৯০২ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ ১৯০২ চনত নাইট কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ অফ ইণ্ডিয়া উপাধি লাভ কৰে। ১৯০২ চনৰ ২৬ জুন তাৰিখে এই তালিকা প্ৰকাশিত হৈছিল<ref>{{Cite newspaper The Times |articlename=The Coronation Honours |day_of_week=Thursday |date=26 June 1902 |page_number=5 |issue=36804| }}</ref><ref>{{London Gazette |issue= 27448 |supp=y |page=4197 |date= 26 June 1902}}</ref> আৰু ইংলেণ্ডৰ ৰজা এডৱাৰ্ড সপ্তমে ১৯০২ চনৰ ২৪ অক্টোবৰত বাকিংহাম পেলেচত তেওঁক এই উপাধি প্ৰদান কৰিছিল।<ref>{{Cite newspaper The Times |articlename=Court Circular |day_of_week=Saturday |date=25 October 1902 |page_number=8 |issue=36908| }}</ref>কৰিছিল
 
ইংলেণ্ডত ঘূৰি যোৱাৰ পিছত তেওঁ তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯১০ চনত তেওঁ দ্বিতীয় বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও স্বাস্থ্য ভাঙি পৰাত অতি কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হয়।
 
১৯১৫ চনৰ ২২ অক্টোবৰ তাৰিখে লণ্ডনৰ চেইণ্ট জৰ্জ উডত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।
 
==ভাৰতৰ প্ৰতি দৃষ্টিভংগী==
তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। তেওঁ ভাৰতৰ হম ৰুল আন্দোলনক সমৰ্থন কৰিছিল। ১৮৮৫ চনত তেওঁৰ গ্ৰন্থ "নিউ ইণ্ডিয়া, অৰ ইণ্ডিয়া ইন ট্ৰেনজিছন"ত ভাৰতীয় স্বৰাজক সমৰ্থন কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। ১৯০৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ অধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |url=http://www.congress.org.in/congress-sessions.php |title=Indian National Congress Session and its President |publisher=AICC, New Delhi |accessdate=24 February 2010 |archiveurl=https://web.archive.org/web/20090408202217/http://www.congress.org.in/congress-sessions.php |archivedate=8 April 2009}}</ref> তেওঁ লৰ্ড কাৰ্জনৰ তিব্বত অভিযান আৰু ১৯০৫ চনৰ বংগ ভংগক বিৰোধিতা কৰিছিল। তেওঁ ভাৰতীয় মানুহৰ শিক্ষাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ প্ৰতিষ্ঠা কৰিছিল।