বীজগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
216 নং শাৰী:
[[চিত্ৰ:Image-Al-Kitāb_al-muḫtaṣar_fī_ḥisāb_al-ğabr_wa-l-muqābala.jpg|right|thumb|''[[The Compendious Book on Calculation by Completion and Balancing]]''ৰ এটা পৃষ্ঠা.]]
 
ভাৰতীয় [[অংকশাস্ত্ৰ]]ৰ ইতিহাসত [[ধ্ৰুপদী যুগ]]ক (Classical era, খ্ৰীষ্টাব্দ পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ) এক উল্লেখযোগ্য সময় বোলো কোৱা হয়; প্ৰায়ভাগ বিখ্যাত ভাৰতীয় গণিতজ্ঞৰ ভিতৰত [[আৰ্যভট্ট]](১ম), [[ব্ৰহ্মগুপ্ত]], [[ভাস্কৰ]](১ম), [[মহাবীৰ]], আৰ্যভট্ট(২য়) আৰু [[ভাস্কৰাচাৰ্য]] বা ভাস্কৰ(২য়) আছিলআদি উল্লেখযোগ্য।কেইজনমান উল্লেখযোগ্য গণিতজ্ঞৰ আৱিষ্কাৰৰ ভিতৰত [[শূণ্য]] ৰ আৱিষ্কাৰেই আছিল এই সময়ছোৱাৰ অংকশাস্ত্ৰৰ প্ৰতি এক অতুলনীয় অৱদান, আৰু ইয়াৰ আৱিষ্কাৰক আছিল আৰ্যভট্ট। তেওঁ এই চিহ্নটোৰ ব্যৱহাৰ কৰা নাছিল যদিও [[ফ্ৰান্স]]ৰ গণিতজ্ঞ [[Georges Ifrah]] ৰ দাবী অনুসৰি আৰ্যভট্টৰ [[স্থানীয়মান]] পদ্ধতি (Place-value system)ত ৰিক্ত সহগ (Null co-efficient)ৰ সৈতে ১০ৰ [[সূচক]]বোৰ (Powers of ten)ৰ স্থান নিৰ্ণায়ক (Place holder) হিচাপে শূণ্যৰ ধাৰণা অন্তৰ্নিহিত আছিল। আৰ্যভট্টৰ আন এক অৱদান হৈছে চাৰি দশমিক স্থানলৈ (৩.১৪১৬) [[π (পাই)]]ৰ মান নিৰ্ধাৰণ। তদুপৰি π যে [[অপৰিমেয় সংখ্যা]]ৰ অন্তৰ্ভুক্ত সেয়াও আৰ্যভট্টই সূচনা কৰি থৈ যায়। ১২৩টা স্তৱকেৰে পৰিপূৰ্ণ ‘আৰ্যভটীয়’ গ্ৰন্থখনৰ গাণিতিক অংশটো [[পাটীগণিত]] (Arithmetic), [[বীজগণিত]] (Algebra), [[সমতলীয় ত্ৰিকোণামিতি]] (Plane trigonometry), [[গোলকাকাৰ ত্ৰিকোণামিতি]] (Spherical trigonometry) ৰে পৰিবেষ্টিত; য’ত অবিচ্ছিন্ন [[ভগ্নাংশ]] (Continued fractions), [[দ্বিঘাত সমীকৰণ]] (Quadratic equations), সূচকীয় শ্ৰেণীৰ যোগফল (Sums of power series) আৰু এখন sineৰ তালিকা (A table of sines) অন্তৰ্ভুক্ত হৈ আছে। তেওঁৰ এই তথ্যসমূহৰ পৰাই প্ৰথমে by=ax+c আৰু by=ax-c (a,b,c [[অখণ্ড সংখ্যা]]) ধৰণৰ [[সমীকৰণ]]ৰ অখণ্ড সমাধান কৰিব পৰা গৈছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/বীজগণিত"ৰ পৰা অনা হৈছে