বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
বঙ্কিমচন্দ্ৰ চট্টপাধ্যায় ভাৰতৰ এজন বিখ্যাত সাহিত্যিক, উপন্যাসিক ও গীতিকাৰ । তেঁওৰ ৰচিত ভাৰতৰ জাতীয় স্তোত্রৰ মর্যদা লাভ কৰা বন্দে মাতৰম গীতৰ বাবে বৃটিশ শাসন যুগৰ পৰা বর্তমানদিনলৈকে তেঁও প্রতিটো ভাৰতীয়ৰ অন্তৰত চিৰস্মৰণীয় । তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল ।
==জন্ম==
১৮৩৮ চনৰ ২৭ জুন তাৰিখত যাদবচন্দ্র চট্টপাধ্যায়ৰ ঔৰস আৰু দুর্গাসুন্দৰীৰ গর্ভত বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়ৰ জন্ম হয় । পশ্চিমবঙ্গ ৰাজ্যৰ বর্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্রাম তেঁওৰ জন্মস্থান । পাঁচ বছৰ বয়সতে তেঁওলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচার্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয় । শিশু কালৰ পৰা তেঁওৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল । তেঁওৰ কনিষ্ঠ সহোদৰ পুর্ণচন্দ্র চট্টপাধ্যায় লিখিছিল, " শুনিছো, বঙ্কিমচন্দ্র এদিনতেই বঙালি বর্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল । তেঁও গাঁওৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্রাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল । বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্রাণ দেৱৰ শিক্ষাৰ পৰা তেঁও বিশেষ উপকৃত হোৱা নাই । তেঁও লিখিছিল," আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো "
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্রকৃত শিক্ষাৰ সূচনা হয় । মেদিনীপুৰৰ ইংৰাজী স্কুলত প্রধান শিক্ষক এফ টিডৰ পৰামর্শত যাদবচন্দ্র শিশু বঙ্কিমচন্দ্রক সেই স্কুলত নামভর্তি কৰায় । ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিয়ে । পুর্ণচন্দ্রৰ ৰচনাৰ পৰা জনা যায় যে বার্ষিক পৰীক্ষাৰ ফলাফল প্রদর্শন কৰি তেঁওক ডবল প্রম'চন দিবলৈ উদ্যত হয় ।