বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
১৮৩৮ চনৰ ২৭ জুন তাৰিখত যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়। পশ্চিমবঙ্গ ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেঁওলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেঁওৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেঁওৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, " শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালি বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। তেঁও গাঁওৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেঁও বিশেষ উপকৃত হোৱা নাই। তেঁও লিখিছিল, "আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"।
 
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক সেই স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিয়ে। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি তেঁওক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়। ১৮৪৯ চনত তেঁও পুনৰায় কাঁঠালপাৰাত উভতি আহে । ইয়াত তেঁও শ্রীৰাম ন্যায়বাগীচৰ পৰা বাংলা আৰু সংস্কৃত ভাষাৰ শিক্ষা গ্রহণ কৰে । তেঁও খুব ভাল আবৃত্তিকাৰ আছিল ।
সংবাদ প্রভাকৰ আৰু সংবাদ সাধুরঞ্জনত প্রকাশিত বহু কবিতা তেঁও এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল । ভাৰত ৰায়চন্দ্র ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবর্ণন আৰু জয়দেৱ প্রণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল । পণ্ডিত হলধৰ তর্কচুড়ামণিৰ পৰা তেঁও মহাভাৰত শ্রবণ কৰিছিল ।
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলা সাহিত্যিক]]