নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

56 নং শাৰী:
 
==অন্যান্য==
নামঘোষাৰ প্ৰসংগত ''[[দৈতাৰি ঠাকুৰ]]ৰ চৰিত পুথি''ত উল্লেখ আছে<ref name="ঘোষা নামে শাস্ত্ৰ এক">{{cite book|title= ঘোষা নামে শাস্ত্ৰ এক|author= হেমভাই |editor=|date=জানুৱাৰী ২০১৫}}</ref>-
<poem>দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়।।
67 নং শাৰী:
 
এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -
[[ড০ নগেন শইকীয়া]]—"নামঘোষা [[মাধৱদেৱ]]ৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
[[ড০ বাণীকান্ত কাকতি]]—"নাম-ঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি, [[মাধৱদেৱ]]ৰ আত্মলঘিমা আৰু কৃষ্ণস্তুতিৰ মাহাত্ম্য। হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়েই 'নাম-ঘোষা'ক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিসিক্ত প্ৰকৃত সাহিত্যৰ সমুখ আসনত ঠাই দিছে।"<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
[[সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা]]— "মোক মানুহে গণ্ডপ মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে;বোলক, তাত মোৰ দুখ নাই। কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে। যদি মই গল মেলি কওঁ যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন Scripture বা শাস্ত্ৰ ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়, বাক্য, মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰপৰা ওলোৱা কাৰুণ্য স্তুতিৰ উঁহ। অকল সিয়েই নহয়, সেই অবাঙমন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দানুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰপৰা আপোনা-আপুনি উথলি পৰা পৰমানন্দ প্ৰৱাহৰ পুষ্পাঞ্জলি।"<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
[[ড০ মহেশ্বৰ নেওগ]]—"'নাম-ঘোষা' পৰম ভক্ত মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দোময় প্ৰকাশ।"<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
[[ড০ সত্যেন্দ্ৰনাথ শৰ্মা]]—"[[মাধৱদেৱ]]ৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধ হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। "<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
[[বিনোৱাভাৱে]]—"নাম-ঘোষা বিশ্বৰ এখনি শ্ৰেষ্ঠ ভক্তিগ্ৰন্থ।বিশ্বৰ সকলো সাহিত্যতে এনে ভক্তিমূলক গ্ৰন্থ বিৰল। "<ref>{{cite book|titlename= "নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}<"/ref>
 
==স্ৰষ্টাৰ পৰিচয়==
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে