বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক সেই স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিয়ে। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি তেঁওক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়। ১৮৪৯ চনত তেঁও পুনৰায় কাঁঠালপাৰাত উভতি আহে । ইয়াত তেঁও শ্রীৰাম ন্যায়বাগীচৰ পৰা বাংলা আৰু সংস্কৃত ভাষাৰ শিক্ষা গ্রহণ কৰে । তেঁও খুব ভাল আবৃত্তিকাৰ আছিল ।
সংবাদ প্রভাকৰ আৰু সংবাদ সাধুরঞ্জনত প্রকাশিত বহু কবিতা তেঁও এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল । ভাৰত ৰায়চন্দ্র ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবর্ণন আৰু জয়দেৱ প্রণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল । পণ্ডিত হলধৰ তর্কচুড়ামণিৰ পৰা তেঁও মহাভাৰত শ্রবণ কৰিছিল । পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল, " শ্রীকৃ্ষ্ণ আদর্শ পুৰুষ আৰু আদর্শ চৰিত্র" । এই শিক্ষা তেঁওৰ বিভিন্ন ৰচনাত প্রতিফলিত হৈছিল ।
 
১৮৪৯ চনত তেঁও হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভর্তি কৰায় । ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে । হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৯৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্রথম স্থান লাভ কৰি প্রতি মাহে আঠ টকা বৃত্তি লা্ভ কৰিছিল । এই সময়ছোৱাত সংবাদ প্রভাকৰ কবিতা প্রতিযোগিতাত অংশগ্রহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে ।
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলা সাহিত্যিক]]