বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
সংবাদ প্রভাকৰ আৰু সংবাদ সাধুরঞ্জনত প্রকাশিত বহু কবিতা তেঁও এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল । ভাৰত ৰায়চন্দ্র ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবর্ণন আৰু জয়দেৱ প্রণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল । পণ্ডিত হলধৰ তর্কচুড়ামণিৰ পৰা তেঁও মহাভাৰত শ্রবণ কৰিছিল । পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল, " শ্রীকৃ্ষ্ণ আদর্শ পুৰুষ আৰু আদর্শ চৰিত্র" । এই শিক্ষা তেঁওৰ বিভিন্ন ৰচনাত প্রতিফলিত হৈছিল ।
 
১৮৪৯ চনত তেঁও হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভর্তি কৰায় । ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে । হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৯৫৩১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্রথম স্থান লাভ কৰি প্রতি মাহে আঠ টকা বৃত্তি লা্ভ কৰিছিল । এই সময়ছোৱাত সংবাদ প্রভাকৰ কবিতা প্রতিযোগিতাত অংশগ্রহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে । হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেঁও কবিবৰ ঈশ্বৰচন্দ্র গুপ্তৰ সংবাদ প্রভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল । পৰবর্তী সময়ত তেঁওৰ বহু ৰচনা এই কাকতত প্রকাশিত হৈছিল । ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্রদর্শন কৰি দুবছৰৰ বাবে প্রতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল । এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্রেচিডেঞ্চি কলেজত নামভর্তি কৰায় । ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হয় । বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্রাঞ্চ বা প্রবেশিকা পৰীক্ষাৰ প্রবর্তন কৰিছিল । প্রেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেঁও প্রথম বিভাগত উত্তীর্ণ হৈছিল । ১৮৫৮ চনত প্রথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্র আৰু যদুনাথ বসু উত্তীর্ণ হৈছিল ।
পিতাৰ ন্যায় তেঁও ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল । অতি নিষ্ঠাৰ সহিত তেঁও কর্তব্য পালন কৰিছিল । ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অর্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত বৃটিছ চৰকাৰ তেঁওক বিভূষিত কৰিছিল । কিন্তু তেঁও চৰকাৰী কর্মচাৰীৰূপত নহয় প্রকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্রমুখ ব্যক্তি ৰূপত বিখ্যাত ।
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলা সাহিত্যিক]]