কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[Image:Kirtan.jpg]]
 
আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ [[শ্ৰীশ্ৰীশঙ্কৰদেৱ]]ে 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে সৃষ্টি কৰা সমগ্ৰ ৰচনাসমূহৰ ভিতৰত 'কীৰ্তন-ঘোষা' অন্যতম৷ প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য [[শ্ৰীশ্ৰীমাধৱদেৱে]] তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন-ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে নানা ঠাই ফুৰি নানা কষ্ট কৰি কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে৷