চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''চৰকাৰ''' ({{Lang-en|Government}}) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ...
 
2 নং শাৰী:
 
যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা [[সাৰ্বভৌম ৰাষ্ট্ৰ|সাৰ্বভৌম ৰাষ্ট্ৰক]] পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়।<ref name=EncycSocialSciences>{{cite book|title=International Encyclopedia of the Social & Behavioral Sciences|year=2001|publisher=Elsevier|isbn=978-0-08-043076-8}}</ref> চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়।
 
==শ্ৰেণীবিভাজন==
চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক [[প্লেটো]]ৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত [[এৰিষ্ট'টল|এৰিষ্ট'টলে]] চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰিছে:
{{Multicol}}
* জনকল্যানৰ হকে হোৱা চৰকাৰ:
** এজনৰ শাসন হ'লে '''ৰাজতন্ত্ৰ''' ({{Lang|en|Monarchy}})
** কেইবাজনমানৰ শাসন হ'লে '''অভিজাততন্ত্ৰ''' ({{Lang|en|Aristocracy}})
** বহুজনৰ বা ৰাইজৰ শাসন হ'লে '''ৰাজ ব্যৱস্থা''' ({{Lang|en|Polity}})
{{Multicol-break}}
* জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবে চলা চৰকাৰ:
** এজনৰ শাসন হ'লে '''স্বৈৰতন্ত্ৰ''' ({{Lang|en|Tyranny}})
** কেইবাজনমানৰ শাসন হ'লে '''আঢ্যৱন্ততন্ত্ৰ''' ({{Lang|en|Oligarchy}})
** বহুজনৰ শাসন হ'লে '''গণতন্ত্ৰ''' ({{Lang|en|Democracy}})
{{Multicol-end}}
সেইসময়ৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। বৰ্তমানে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰ শাসন গণতান্ত্ৰিক। কিছু দেশত ৰজা বা ৰাণী আছে যদিও সেয়া মূলতঃ পৰম্পৰা ৰক্ষাৰহে প্ৰতীক। ৰজাৰ হাতত বিশেষ একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়।
 
আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটাভাগত ভগাইছে:
 
* '''একনায়কতন্ত্ৰ''' বা '''স্বৈৰতন্ত্ৰ''' ({{Lang|en|Dictatorship}}): একনায়কতন্ত্ৰ হৈছে একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থা।
* '''গণতন্ত্ৰ''' ({{Lang|en|Democracy}}): গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।
 
গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। প্ৰাচীন গ্ৰীচৰ এথেন্সত '''প্ৰতক্ষ গণতন্ত্ৰ''' ({{Lang|en|Direct Democracy}}) চলিছিল। জনসাধাৰণে প্ৰতক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। বৰ্তমানে প্ৰতক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক '''পৰোক্ষ গণতন্ত্ৰ''' ({{Lang|en|Indirect Democracy}}) বোলে।
 
লীককে আধুনিক গণতন্ত্ৰক '''সীমিত ৰাজতন্ত্ৰ''' বা '''সাংবিধানিক ৰাজতন্ত্ৰ''' ({{Lang|en|Constitutional monarchy}}) আৰু '''গণৰাজ্য''' বা '''প্ৰজাতন্ত্ৰ''' ({{Lang|en|Republic}}) - এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ '''এককেন্দ্ৰীয়''' ({{Lang|en|Unitary}}) আৰু '''যুক্তৰাষ্ট্ৰীয়''' ({{Lang|en|Federal}}) এই দুই ভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো '''সংসদীয়''' ({{Lang|en|Parliamentary}}) আৰু '''ৰাষ্ট্ৰপতীয়''' ({{Lang|en|Presidential}}) এই দুভাগত বিভক্ত কৰিছে। বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চৰকাৰ"ৰ পৰা অনা হৈছে