কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
|signature =Karl Marx Signature.svg
|main_interests = Politics, economics, [[philosophy]], [[sociology]], [[Labour relations|labour]], history, [[class struggle]], [[natural sciences]]
|influences = [[Georg Wilhelm Friedrich Hegel|Hegel]], [[Ludwig Feuerbach|Feuerbach]], [[Baruch Spinoza|Spinoza]], [[Pierre-Joseph Proudhon|Proudhon]], [[Max Stirner|Stirner]], [[Adamএডাম Smithস্মিথ|Smithস্মিথ]], [[Voltaire]], [[David Ricardo|Ricardo]], [[Giambattista Vico|Vico]], [[Maximilien Robespierre|Robespierre]], [[Jean-Jacques Rousseau|Rousseau]], [[William Shakespeare|Shakespeare]], [[Johann Wolfgang von Goethe|Goethe]], [[Claude Adrien Helvétius|Helvétius]], [[Baron d'Holbach|d'Holbach]],<ref>Mehring, Franz, ''Karl Marx: The Story of His Life'' (Routledge, 2003) pg. 75</ref> [[Justus von Liebig|Liebig]],<ref>John Bellamy Foster. "Marx's Theory of Metabolic Rift: Classical Foundations for Environmental Sociology", ''American Journal of Sociology'', Vol. 105, No. 2 (September 1999), pp. 366–405.</ref> [[Charles Darwin|Darwin]], [[Charles Fourier|Fourier]], [[Robert Owen]], [[Moses Hess|Hess]], [[François Guizot|Guizot]], [[Constantin Pecqueur|Pecqueur]],<ref>Allen Oakley, [http://books.google.gr/books?id=L949AAAAIAAJ&dq ''Marx's Critique of Political Economy: 1844 to 1860''], Routledge, 1984, p. 51.</ref> [[Aristotle]], [[Epicurus]]
|influenced = [[List of Marxists]]
|alma_mater = {{Plainlist|
82 নং শাৰী:
এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দাৰ্শনিকৰ দৃষ্টিৰেই মাৰ্ক্সে ৰাজনৈতিক প্ৰশ্নসমূহৰ পৰ্যালোচনা কৰিছিল। তেওঁ দৰ্শনবিদ তথা শ্ৰমিকসকলৰ এক মিত্ৰতাৰ কথা কল্পনা কৰিছিল য’ত দাৰ্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অৰ্থাৎ বিপ্লৱী প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ ভূমিকা হব দ্বিতীয় পৰ্যায়ৰ, এইক্ষেত্ৰত দাৰ্শনিকসকলহে আগৰণুৱা হব। মাৰ্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্ৰাম]ৰ হৃদয় হ’ব শ্ৰমিকসকল আৰু মগজু হ’ব দাৰ্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্ৰমিক শ্ৰেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবৰ্তে ‘শ্ৰমিকৰ দাৰিদ্ৰতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মাৰ্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্ৰশ্ৰয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়।
 
অৱশ্যে অতি সোনকালেই মাৰ্ক্সে এই দুৰ্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰা দেখা যায়। প্ৰথমতে, পেৰিছতেই মাৰ্ক্সে পোন প্ৰথমবাৰৰ বাবে আডাম[[এডাম স্মিথ]], ডেভিদ ৰিকাৰ্ডো আদি ধ্ৰুপদী ৰাজনৈতিক-অৰ্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়ণসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মাৰ্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্ৰথম প্ৰকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূৰ্ণ ভাৱে, এইখনি ৰছনাতেই মাৰ্ক্সে শ্ৰমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মাৰ্ক্সে লিখিলে যে পুঁজিবাদী উৎপাদন প্ৰক্ৰিয়াটোত শ্ৰমিকসকলৰেই আটাইতকৈ কেন্দ্ৰীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্ৰত শ্ৰমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মাৰ্ক্সৰ ভাষাত "ব্যক্তিগত মালিকানা আৰু শ্ৰমৰ অহি-নকুল সম্পৰ্কৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্বৰ পৰা সামাজিক মুক্তি শ্ৰমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হব"। (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)।
 
শ্ৰমিক সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জাৰ্মান শ্ৰমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্ৰদৰ্শন। ইয়েই শ্ৰমিকসকল যে কোনো নিষ্ক্ৰিয় সত্তা (passive element )নহয়, সেই কথা মাৰ্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্ৰ শ্ৰমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্ৰতিবাদী কাৰ্যসূচী হাতত ললে। বিদ্ৰোহী শ্ৰমিকসকলক নিয়ন্ত্ৰিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আৰ্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জাৰ্মান কাকত এখনত বিদ্ৰোহটো নস্যাৎ কৰি শ্ৰমিকসকলৰ প্ৰতি ইতিকিংসূচক এটা প্ৰবন্ধ লিখিলে। বহুতে প্ৰবন্ধটো মাৰ্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মাৰ্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্ৰবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মাৰ্ক্সে বিদ্ৰোহী শ্ৰমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্ৰশংসা কৰিলে। মাৰ্ক্সে ঘোষণা কৰিলে – শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ নিষ্ক্ৰিয় অংশ হোৱাৰ পৰিবৰ্তে, তেওঁলোকেই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মাৰ্ক্সৰ উদয় হল।