ভিছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|300px|২০১৪ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰই জাৰি কৰা এখন ভি...
 
7 নং শাৰী:
 
উল্লেখযোগ্য যে স্ভালবাৰ্ড সন্ধি অনুসৰি [[নৰৱে]]ৰ বিশেষ প্ৰশাসনিক অঞ্চল স্ভালবাৰ্ড হৈছে এক সম্পূৰ্ণ ভিছা-মুক্ত অঞ্চল। কিছু দেশ যেনে শ্বেঙেন অঞ্চলৰ দেশসমূহৰ নাগৰিকসকলে সেই দেশসমূহত বিনা ভিছাৰে ভ্ৰমণ কৰিব পাৰে। [[বিশ্ব পৰ্যটন সংস্থা]]ৰ তথ্য অনুসৰি পৰ্যটনৰ বাবে কৰা ভ্ৰমণৰ পূৰ্বে ভিছাৰ আবেদন কৰিব লগা পৰ্যটকৰ সংখ্যা ২০১৫ চনত সৰ্বনিম্ন হৈছেগৈ।<ref>{{cite web|url=http://www.torontosun.com/2016/01/15/visa-requirements-for-tourism-eased-around-the-world-un-agency|title=Visa requirements for tourism eased around the world: UN agency|date=15 January 2016|publisher=}}</ref><ref>{{cite book|title=Visa Openness Report 2015 January 2016|publisher=|doi=10.18111/9789284417384|year = 2016|isbn = 9789284417384}}</ref>
 
==ভিছাৰ প্ৰকাৰ==
সাধাৰণতে প্ৰত্যেকখন দেশে বিভিন্ন নামেৰে বিভিন্ন প্ৰকাৰৰ ভিছা প্ৰদান কৰে। সৰ্বসাধাৰণ বিভিন্ন ভিছাৰ প্ৰকাৰসমূহ হৈছে:
 
===উদ্দেশ্য অনুসৰি===
[[Image:Tourist visa of the People's Republic of China.jpg|300px|thumb|[[চীন|চীনে]] প্ৰদান কৰা পৰ্যটন ভিছা]]
* '''পৰিবহণ ভিছা''': ট্ৰেনজিট ভিছা বা অতিক্ৰমণ ভিছা নামেও জনাজাত এনে ভিছা কোনো এখন দেশলৈ যাওঁতে মাজত অন্য এখন দেশত কিছু সময় অৱস্থান কৰিব লগীয়া হ'লে মধ্যৱৰ্তী দেশখনে প্ৰদান কৰে। ইয়াৰ ম্যাদ কিছু ঘন্টাৰ পৰা ধৰি ১০ দিন পৰ্যন্ত হ'ব পাৰে।
* '''স্বল্পকালীন বা দৰ্শনাৰ্থী ভিছা''': চমু কালৰ অৱস্থানৰ বাবে এনে ভিছা প্ৰদান কৰা হয়। দেশভেদে এনে ভিছাক ব্যক্তিগত ভিছা, পৰ্যটন ভিছা, চিকিৎসাজনিত কাৰণৰ ভিছা, ব্যৱসায়িক ভিছা, কামকৰা ছুটিৰ ভিছা, এথলেটিক বা শিল্পী ভিছা, সাংস্কৃতিক বিনিময় ভিছা, শৰনাৰ্থী ভিছা, তীৰ্থযাত্ৰা ভিছা, ডিজিটেল যাযাবৰ ভিছা<ref>{{Cite news|url=https://www.enterprisetimes.co.uk/2018/02/27/estonia-plans-digital-nomad-visa/|title=Estonia plans its Digital Nomad Visa - Enterprise Times|date=2018-02-27|work=Enterprise Times|access-date=2018-03-01|language=en-GB}}</ref> আদি উপ-ভাগত বিভক্ত কৰে। পৰ্যটন ভিছা পৰ্যটন সম্বন্ধীয় ভ্ৰমণৰ কাৰণে প্ৰদান কৰা হয়। যিসকল ব্যৱসায়ীয়ে বাণিজ্যিক কাম কাজত অংশ লোৱাৰ উদ্দেশ্যে নিৰ্দিষ্ট কোনো দেশ ভ্ৰমণ কৰিব লগীয়া হয়, তেওঁলোকক ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
* '''দীৰ্ঘকালীন ভিছা''': এনে ভিছা এখন দেশত দীৰ্ঘকালীন অৱস্থানৰ বাবে প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে শিক্ষাৰ্থী ভিছা, গৱেষণা ভিছা, অস্থায়ী কৰ্মী ভিছা, সাংবাদিক ভিছা, বাসস্থান ভিছা, আশ্ৰয় ভিছা এনে দীৰ্ঘকালীন ভিছাৰ অন্তৰ্গত। যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়া-শুনা কৰে তেওঁলোকৰ কাৰণে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়। কোনো এখন দেশত অস্থায়ী ভাবে কাম কৰা কৰ্মী বা শ্ৰমিক সকলক এনে ভিছা প্ৰদান কৰা হয়।
* '''অভিবাসী ভিছা''': যিসকল লোকে বিদেশৰ কোনো দেশত স্থায়ীভাবে বাসস্থান কৰিব বিছাৰে, তেওঁলোকক অভিবাসী ভিছা প্ৰদান কৰা হয়। এনে ভিছাৰ দ্বাৰা তেওঁলোকে স্থায়ী বাসিন্দাৰ স্থিতি লাভ কৰে আৰু ভৱিষ্যতে নাগৰিকত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। দাম্পত্যসঙ্গী ভিছা, বিবাহ ভিছা,<ref>{{Cite web|url=https://travel.state.gov/content/travel/en/us-visas/immigrate/family-immigration/immigrant-visa-for-a-spouse-or-fiance-of-a-us-citizen.html|title=Immigrant Visa for a Spouse or Fiancé(e) of a U.S. Citizen|website=travel.state.gov|access-date=2019-01-27}}</ref> অৱসৰ ভিছা আদি এনে ভিছাৰ উদাহৰণ।
* '''আধিকাৰিক ভিছা''': এনে ভিছা কূটনীতিবিদ, নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত চৰকাৰী বিষয়া আদিৰ বাবে প্ৰদান কৰা হয়। কূটনৈতিক ভিছা, সৌজন্য ভিছা হৈছে আধিকাৰিক ভিছাৰ উদাহৰণ।
 
===জাৰি কৰা পদ্ধতি অনুসৰি===
সাধাৰণতে ভিছা আবেদন আৰু সংগ্ৰহ কনচুলেট, দুতাবাস বা অন্য কূটনৈতিক অভিযানৰ কাৰ্যালয়ৰ কৰা হয়।
* '''আগমণৰ সময়ত ভিছা''': এনে ভিছা এখন দেশত প্ৰৱেশৰ সময়ত প্ৰৱেশ স্থানতে প্ৰদান কৰা হয়। এনে ক্ষেত্ৰত দৰ্শনাৰ্থীজনে দেশখনত প্ৰৱেশ কৰাৰ সময়তেই ভিছাখন লোৱাটো প্ৰয়োজনীয়।
* '''ইলেকট্ৰনিক ভিছা''': ইলেকট্ৰনিক ভিছা বা ই-ভিছা ভ্ৰমণৰ পূৰ্বে [[ইণ্টাৰনেট]]ৰ মাধ্যমেৰে আবেদন কৰিব পাৰি। এনে ভিছাক কম্পিউটাৰত সংৰক্ষণ কৰি থোৱা হয় আৰু ই নিৰ্দিষ্ট পাৰপত্ৰৰ সংখ্যাৰ লগত সংযুক্ত হৈ থাকে। আবেদনকাৰীজনে প্ৰয়োজন অনুসৰি ইয়াক ছপা কৰি ল'ব পাৰে বা ভ্ৰাম্যমাণ যন্ত্ৰত সংৰক্ষণ কৰি ৰাখিব পাৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ভিছা"ৰ পৰা অনা হৈছে