ভিছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
* '''আগমণৰ সময়ত ভিছা''': এনে ভিছা এখন দেশত প্ৰৱেশৰ সময়ত প্ৰৱেশ স্থানতে প্ৰদান কৰা হয়। এনে ক্ষেত্ৰত দৰ্শনাৰ্থীজনে দেশখনত প্ৰৱেশ কৰাৰ সময়তেই ভিছাখন লোৱাটো প্ৰয়োজনীয়।
* '''ইলেকট্ৰনিক ভিছা''': ইলেকট্ৰনিক ভিছা বা ই-ভিছা ভ্ৰমণৰ পূৰ্বে [[ইণ্টাৰনেট]]ৰ মাধ্যমেৰে আবেদন কৰিব পাৰি। এনে ভিছাক কম্পিউটাৰত সংৰক্ষণ কৰি থোৱা হয় আৰু ই নিৰ্দিষ্ট পাৰপত্ৰৰ সংখ্যাৰ লগত সংযুক্ত হৈ থাকে। আবেদনকাৰীজনে প্ৰয়োজন অনুসৰি ইয়াক ছপা কৰি ল'ব পাৰে বা ভ্ৰাম্যমাণ যন্ত্ৰত সংৰক্ষণ কৰি ৰাখিব পাৰে।
 
== ভাৰতীয় ভিছা ==
[[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] বিদেশী নাগৰিকৰ বাবে বিভিন্ন প্ৰকাৰৰ ভাৰতীয় ভিছা জাৰি কৰে।<ref>{{Cite web| title= বিভিন্ন প্ৰকাৰৰ ভিছা |work= পাৰপত্ৰ বিভাগ, [[অসম চৰকাৰ]] |url=https://passport.assam.gov.in/as/frontimpotentdata/বিভিন্ন-প্ৰকাৰৰ-ভিছা}}</ref> [[ভূটান]] আৰু [[নেপাল]]ৰ নাগৰিক ভাৰতৰ ভিছা-মুক্তভাৱে প্ৰৱেশ, বিচৰণ আৰু কাম-কাজ কৰিব পাৰে। [[মালদ্বীপ]]ৰ নাগৰিকে ৯০ দিনৰ বাবে ভাৰতত ভিছা-মুক্তভাৱে প্ৰৱেশ কৰিব পাৰে। [[জাপান]], [[দক্ষিণ কোৰিয়া]] আৰু [[সংযুক্ত আৰৱ আমিৰাত]]ৰ নাগৰিকে ভাৰতত আগমণৰ সময়ত ভিছা ল'ব পাৰে।
 
ভাৰতে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ ভিছাসমূহ হৈছে:
[[File:Indian Tourist Visa 2016 stamped.jpg|300px|thumb|ভাৰতে জাৰি কৰা পৰ্যটক ভিছা]]
* '''পৰিবহণ ভিছা''': ভাৰতৰ মাজেৰে কোনো অন্য দেশলৈ ভ্ৰমণ কৰা যিকোনো দুজন বিদেশীক একেলগে পৰিবহণ ভিছা বা ভ্ৰমণ ভিছা প্ৰদান কৰা হয়। এই ভিছাৰ বৈধতা কেৱল ১৫ দিন। কিন্তু আবেদনকাৰীৰ লগত ভাৰত হৈ যোৱা যিকোনো গন্তব্যস্থানৰ বাবে বিমান টিকট থকাটো বাঞ্চনীয়।
* '''প্ৰৱেশ ভিছা''': ভাৰতীয় মূলৰ যিকোনো নাগৰিকে প্ৰৱেশ ভিছাৰ বাবে অবেদন কৰিব পাৰে। তদুপৰি, ভাৰতীয় নাগৰিকত্ব থকা কোনো লোকৰ পত্নী বা সন্তান বিদেশত থাকিলে আৰু পৰ্যটন/পৰিবহণ ভিছাৰ বাদে বেলেগ ভিছা থকা যিকোনো বিদেশী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই ভিছা প্ৰযোজ্য।
* '''পৰ্যটক ভিছা''': ভাৰতত বসবাস নকৰা বা ভাৰতত কোনো ধৰণৰ চাকৰি নকৰা বিদেশীসকলৰ বাবে, যিয়ে কেৱল বিনোদন, ঠাই ভ্ৰমণ, বন্ধু-বান্ধৱক দেখা কৰিবলৈ ভাৰতলৈ আহিব খোজে, তেওঁলোকৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''চাকৰি ভিছা''': কৰ্মসংস্থান ভিছা বা চাকৰি ভিছা একোজন দক্ষ, কুশল আৰু ভাৰতৰ যিকোনো সংস্থা, প্ৰতিস্থানৰ হৈতে জড়িত, তেওঁলোকক এবছৰৰ বাবে প্ৰদান কৰা হয়।
* '''প্ৰকল্প ভিছা''': কৰ্মসংস্থান ভিছাৰ এক শ্ৰেণী হৈছে প্ৰজেক্ট ভিছা। ষ্টীল তথা শক্তি ক্ষেত্ৰৰ প্ৰকল্পত বৰ্তি থকা কোনো বিদেশীৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''শিক্ষাৰ্থী ভিছা''': কোনো এক স্বীকৃত প্ৰতিষ্ঠানৰ নিয়মিত শিক্ষাগ্ৰহণৰ বাবে অথবা গৱেষণাৰ উদ্দেশ্যে ভাৰতলৈ আহিব খোজা বিদেশী নাগৰিক এজনক পাঁচ বছৰৰ বাবে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়।
* '''সাংবাদিক ভিছা''': গণমাধ্যম বা সাংবাদিক বিভাগৰ কোনো সাংবাদিক, চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তি, ৰেডিঅ' তথা টেলিভিছন মাধ্যমৰ কোনো লোকক সৰ্বাধিক ছয় মাহৰ বাবে সাংবাদিক ভিছা প্ৰদান কৰা হয়।
* '''ব্যৱসায়িক ভিছা''': শিল্প বা ব্যৱসায়, উদ্যোগ আদিৰ স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয় সম্বন্ধে বা বাণিজ্যিক বা শিল্প জাতীয় পণ্য বিক্ৰী কৰিব খোজা বিদেশীসকলৰ বাবে পাঁচ বছৰৰ বাবে ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
* '''মিছনাৰী ভিছা''': ভাৰতলৈ উভটি নহা অনা-আপত্তি প্ৰমাণ-পত্ৰ বহন নকৰা যিকোনো মিছনাৰী বিদেশীৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় বা বিভাগৰ অনুমতি ক্ৰমে মিছনাৰী ভিছা প্ৰদান কৰা হয়।
* '''পৰ্বতাৰোহণ ভিছা''': পৰ্বতাৰোহী বিদেশীসকলৰ বাবে সংশ্লিষ্ট বিভাগৰ অনুমোদন পোৱাৰ পিছত পৰ্বতাৰোহণ ভিছা প্ৰদান কৰা হয়।
* '''চেমিনাৰ ভিছা''': চৰকাৰী সংস্থা, সহায়কাৰী সংস্থাৰ উদ্যোগত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন, চেমিনাৰ ইত্যাদিত ভাগ ল'বৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''গৱেষণা ভিছা''': গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি বা খ্যাতি আৰু আবেদনকাৰীৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক ৩ বছৰৰ বাবে এই ভিছা প্ৰদান কৰা যাব পাৰে।
* '''চিকিৎসা বা চিকিৎসক ভিছা''': ভাৰতবৰ্ষত থকা চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বা কোনো এজন বিদেশী চিকিৎসকক ভাৰ্ত গমণ কৰাবৰ বাবে সম্পূৰ্ণ এক বছৰৰ বাবে চিকিৎসা ভিছা প্ৰদান কৰা হয়।
* '''সাৰ্বজনীন ভিছা''': সাৰ্বজনীন ভিছা এক দীৰ্ঘকালীন ভিছা, যাক স্বয়ং গৃহ মন্ত্ৰালয়ে চিটিজেঞ্চ অফ ইণ্ডিয়া (চিঅ'আই) বহনকাৰী বিদেশীক প্ৰদান কৰে।
* '''কূটনৈতিক বা চৰকাৰী বা ইউএন চৰকাৰী ভিছা''': কূটনীতিবিদ, নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত বিষয়া, ভাৰতত নিযুক্ত থকা বিদেশী, [[ৰাষ্ট্ৰসংঘ]] বা ভাৰতত থকা কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাত নিযুক্ত পাৰপত্ৰ ধাৰীৰ আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱে ধাৰণ কৰা যিকোনো পাৰপত্ৰৰ বিপৰীতে প্ৰদান কৰা ভিছাই হৈছে কূটনৈতিক ভিছা।
 
বিদেশীসকলক প্ৰদান কৰা ভিছাসমূহ দেশখনৰ সকলো অঞ্চলতে প্ৰযোজ্য নহয়। কিছু সুৰক্ষিত অঞ্চলৰ বাবে আন এখন সুৰক্ষিত এলেকাৰ পাৰ্মিটৰ প্ৰয়োজন হয়। এই পাৰ্মিট ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়। [[পাকিস্তান]]ৰ নাগৰিক আৰু পাকিস্তানী মূলৰ বিদেশীক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি প্ৰদানৰ পাছতেহে ভিছা প্ৰদান কৰা হয় আৰু ভাৰত প্ৰৱেশ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে ভিছাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। এবাৰত কেৱল এজন [[চীন]]ৰ নাগৰিকৰবাবে তিনি মাহৰ বাবে বৈধ থকা পৰ্যটক ভিছা আৰু ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়। তদুপৰি এই ভিছাৰ বৈধতা গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আৰু তিনি মাহলৈ বৃদ্ধি কৰিব পৰা যায়। বিদ্যমান দ্বিপাক্ষীয় চুক্তি বা ব্যৱস্থাৰ ওপৰত বিবেচনা কৰি [[আফগানিস্তান]], [[আৰ্জেণ্টিনা]], [[বাংলাদেশ]], [[দক্ষিণ কোৰিয়া]], [[জামাইকা]], [[মালদ্বীপ]], [[মৰিছাছ]], [[দক্ষিণ আফ্ৰিকা]] আৰু [[উৰুগুৱে]] দেশৰ নাগৰিকৰ বাবে ভাৰতে বিনামূলীয়া ভিছা প্ৰদান কৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ভিছা"ৰ পৰা অনা হৈছে