পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
 
==নামৰ উৎপত্তি==
জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়। <ref>{{Cite web |last=কাকতি|first=দীনেশ|title= হাজো হেন নাম|url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b99be99c-9b99c79a8-9a89be9ae}}</ref> ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে [[চৌদি আৰৱ]]ৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্তাংশ পূণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।
 
==ইতিহাস==
১১৯৩ খৃষ্টাব্দত ইৰাণৰ তাব্রিজত নগৰত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিন জন্ম হৈছিল। তেওঁ তাব্রিজৰ বাদশ্বাহ আছিল। পিছলৈ তেওঁ চুফীবাদৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পুত্রক সিংহাসনত বহুৱাই বাগদাদলৈ গৈ তাত পীৰ শ্বেখ ছাহাবুদ্দিন ছহৰৱাৰ্দীৰ আউলিয়া হিচাপে থাকে। পিছলৈ তেওঁ আবু ছাইদ তাব্রিজী আৰু আজমীৰলৈ গৈ খাজা মইনুদ্দিন চিস্তীৰ লগত যোগ দিছিল। পিছলৈ তেওঁ কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত উপাসনা স্থলী স্থাপন কৰে। ১৩৪৪ খৃ:ত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলে পূৰ্বতকৈও অধিক গুৰুত্ব পালে। ইয়াৰ
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে