বগা বাবাৰ মাজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
'''বগা বাবাৰ মাজাৰ''' বা '''বগা ফকীৰৰ মাজাৰ''' অসমৰ [[ডিব্ৰুগড় জিলা]]ৰ [[ডিব্ৰুগড়]] চহৰৰ আমোলাপট্টিমাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ।
 
==কিংবদন্তি==
চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি [[ৰাজস্থান]]ৰ আজমেৰৰ পৰা অসমলৈ ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ বাবে আহিছিল। তেওঁ চুফীবাদৰ চিষ্টিয়া ঠালৰ সন্ত আছিল। কিংবদন্তি অনুসৰি ওখ-পাখ আৰু সুন্দৰ শুভ্ৰ অৱয়বৰ চৈয়দ ৰশ্বন আলি চিষ্টি বগা ঘোঁৰাত উঠি ঊণৰ চোলা পিন্ধি আজমেৰৰ পৰা অসমলৈ আহিছিল। তাৰপিছত তেওঁ অসমত উপস্থিত হৈ [[ডিব্ৰুগড়]] চহৰৰ ৰে'ল ষ্টেচনৰ কাষৰ জুপুৰি এটাত বাস কৰিছিল। কথিত আছে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহ পৰুৱায়ে আৱৰি ধৰিছিল। পিছলৈ তেওঁৰ কবৰক মাজাৰ হিচাপে গঢ় দিয়া হয়। কিছুমানৰ মতে বগা বাবা মাজাৰৰ বাবেই ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় চহৰক বুৰাই পেলাব নোৱাৰে।