বগা বাবাৰ মাজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
 
==কিংবদন্তি==
চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি [[ৰাজস্থান]]ৰ আজমেৰৰ পৰা অসমলৈ ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ বাবে আহিছিল।<ref name= "AMU"/> তেওঁ চুফীবাদৰ চিষ্টিয়া ঠালৰ সন্ত আছিল। কিংবদন্তি অনুসৰি ওখ-পাখ আৰু সুন্দৰ শুভ্ৰ অৱয়বৰ চৈয়দ ৰশ্বন আলি চিষ্টি বগা ঘোঁৰাত উঠি ঊণৰ চোলা পিন্ধি আজমেৰৰ পৰা অসমলৈ আহিছিল। তাৰপিছত তেওঁ অসমত উপস্থিত হৈ [[ডিব্ৰুগড়]] চহৰৰ ৰে'ল ষ্টেচনৰ কাষৰ জুপুৰি এটাত বাস কৰিছিল।<ref name= "AMU"/> কথিত আছে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহ পৰুৱায়ে আৱৰি ধৰিছিল। পিছলৈ তেওঁৰ কবৰক মাজাৰ হিচাপে গঢ় দিয়া হয়। কিছুমানৰ মতে বগা বাবা মাজাৰৰ বাবেই ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় চহৰক বুৰাই পেলাব নোৱাৰে।
 
==নামৰ উৎপত্তি==
চৈয়দ ৰশ্বন আলি চিষ্টি ওৰফে বগা বাবা বা বগা ফকীৰ দেখিবলৈ সুদৰ্শন আছিল। ওখ আৰু দেহৰ বগা বৰণৰ বাবে তেওঁ বগা বাবা বা বগা ফকীৰ ৰূপে পৰিগণিত হৈছিল। পিছলৈ তেওঁৰ মাজাৰকো বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ বুলি জনাজাত হ'ল।