পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[File:Hajo Powa Mecca.jpg|thumb|পোৱামক্কা]]
'''পোৱামক্কা''' [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[হাজো]]ৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান।<ref>{{Cite web |last=|first=|title=Powa Mecca -
Hajo|url=http://www.assaminfo.com/tourist-places/58/powa-mecca-hajo.htm}}</ref> চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে [[গিয়াচুদ্দিন|গিয়াচুদ্দিন আউলীয়াই]] কেইবাজনো আউলীয়াক লগত লৈ ইয়াত [[ইছলাম ধৰ্ম]]ৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।<ref>{{Cite web |last=|first=|title=Powa Mecca |url=http://www.bharatonline.com/assam/hajo/powa-mecca.html}}</ref>
 
==নামৰ উৎপত্তি==
13 নং শাৰী:
 
==পৰ্যটন==
হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী।<ref>{{Cite web |last=বৰুৱা|first=প্ৰিয়াংকু নাৰায়ণ |title= অসমৰ ঐতিহাসিক সমলসমূহৰ সু-সংৰক্ষণ হোৱা উচিত|url=http://www.xahitya.org/2017/04/14/অসমৰ-ঐতিহাসিক-সমলসমূহৰ-স/}}</ref> ইছলাম ধৰ্মালম্বী সকলৰ বাবে ই অতি পৱিত্ৰ স্থান তদুপৰি অন্যান্য ধৰ্মৰ লোক সকলেও ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে।<ref>{{Cite web |last=হুছেইন|first=জাকিৰ|title= অসমীয়াৰ সাম্প্ৰদায়িক সম্প্ৰীতি|url=https://janambhumi.in/VG5wak0wMVJQVDA9/অসমীয়াৰ-সাম্প্ৰদায়িক-সম্প্ৰীতি.html}}</ref> প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰছ উৎসৱ হিচাপে পালন কৰা হয়। উৰছ উৎসৱত চুফী গীত, [[জিকিৰ]] আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰছ উৎসৱৰ সময়ত পোৱামক্কাত মেলা বহে।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে