ৰুদ্ৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
[[File:Rudreswar Devalaya.jpg|thumb|ৰুদ্ৰেশ্বৰ দেৱালয়]]
'''ৰুদ্ৰেশ্বৰ দেৱালয়''' বা '''ৰুদ্ৰেশ্বৰ মন্দিৰ''' অসমৰ [[উত্তৰ গুৱাহাটী]]ত অৱস্থিত ভগৱান [[শিৱ]]ৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ [[ৰুদ্ৰ সিংহ]]ৰ স্মৃতিত এই মন্দিৰ নিৰ্মান কৰাইছিল। এই দেৱালয় আহোম-মোগল মিশ্ৰিত স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন।
==ইতিহাস==
স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে জীৱনৰ বিয়লি বেলাত [[আহোম ৰাজ্য]] পশ্চিমলৈ কৰতোৱা নদীলৈ বিস্তাৰিত কৰিবলৈ বিচাৰিছিল। বৰ্তমান পশ্চিম বংগ আৰু [[বাংলাদেশ]]ৰ মাজেৰে বৈ যোৱা এই নদী প্ৰাচীন [[কামৰূপ ৰাজ্য]]ৰ সীমা আছিল। সেই সময়ত বংগ মোগলৰ অধীনত আছিল। সেয়ে তেওঁ মোগল সম্রাজ্যৰ বিৰুদ্ধে সৈন্যবাহিনী গোটাইবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পাহাৰ ভৈয়ামৰ প্ৰায় ৪,০০,০০০ সন্য [[গুৱাহাটী]]ত গোট খাইছিল। আহোমৰ লগত [[কছাৰী ৰাজ্য]] আৰু [[জয়ন্তীয়া ৰাজ্য]]ৰ ৰজায়েও এই অভিযানত যোগ দিছিল। কিন্তু এই সময়তে ৰুদ্ৰ সিংহ নৰিয়াত পৰে আৰু ১৭১৪ খ্ৰীষ্টাব্দত গুৱাহাটীৰ চাউনিত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ টাই-আহোম পদ্ধতিৰ [[মৈদাম]] দিবলৈ [[চৰাইদেউ]]লৈ নিয়া হৈছিল।<ref>Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 180-181.</ref> কিছুমানৰ মতে ৰুদ্ৰ সিংহক [[উত্তৰ গুৱাহাটী]]ত হিন্দু ৰীতিৰে অন্তিম সংস্কাৰ কৰা হৈছিল আৰু কিছুমানৰ মতে তেওঁৰ কেৱল এটা আঙুলি ইয়াত হিন্দু ৰীতিৰে সংস্কাৰ কৰা হৈছিল।<ref name="SSMA">Sarma Siva Mahatirtha Asom published by Utpal Hazarika on behalf of Bani Mandir first edition 2007 Guwahati pp 93-94.</ref> তেওঁৰ দ্বিতীয় পুত্ৰ স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]] ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত পিতৃৰ স্মৃতিত তেওঁৰ নামেৰে ভগৱান শিৱৰ মন্দিৰ নিৰ্মান কৰাইছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ স্থানতে এই দেৱালয় নিৰ্মান কৰা হৈছিল।<ref>Neog Dr. Maheswar Pavitra Asam or The Sacred Assam 4th edition 2008 Kiran Prakashan, Dhemaji page 264-265.</ref> ১৭৪৯ খ্ৰীষ্টাব্দত এই মন্দিৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হয়। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষৰ গাঁৱৰ নাম ৰুদ্ৰেশ্বৰ হ'ল। স্বৰ্গদেউয়ে মন্দিৰৰ ৰক্ষণা-বেক্ষণৰ বাবে মন্দিৰৰ নামত ভূমিদান কৰিছিল।<ref name="SSMA" />
==তথ্য উৎস==
{{reflist}}