খিলঞ্জীয়া লোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Guarani Family.JPG|thumb|right|[[ব্ৰাজিল]] আৰু [[পাৰাগুৱে]]ৰ খিলঞ্জীয়া গুৰানি লোক]]
[[File:Qamutik 1 1999-04-01.jpg|thumb|[[কানাডা]]ৰ খিলঞ্জীয়া ইনুইট লোক]]
'''খিলঞ্জীয়া লোকসকল''' ({{Lang-en|Indigenous peoples}}) হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে শেহতিয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। খিলঞ্জীয়া লোকসকল ভুমিপুত্ৰ, থলুৱা লোক, প্ৰথম জনগণ, প্ৰথম জাতি আদি নামেৰেও জনা যায়। সাধাৰণতে কোনো গোটক খিলঞ্জীয়া হিচাপে বৰ্ণনা কৰা হয় যেতিয়া তেওঁলোকে পৰম্পৰাগত সংস্কৃতি বা আন কোনো প্ৰাৰম্ভিক সংস্কৃতিৰ সৈতে সম্পৰ্কিত দৃষ্টিভঙ্গিসমূহ মানি চলে। সকলো খিলঞ্জীয়া লোকেই এনে বৈশিষ্ট্য মানি নচলিবও পাৰে, কাৰণ বহুতো ক্ষেত্ৰত তেওঁলোক ঔপনিবেশিক সংস্কৃতি যেনে সাজপাৰ, ধৰ্ম বা ভাষা আঁকোৱালি ল'ব পাৰে। খিলঞ্জীয়া লোকসকলে কোনো নিৰ্দিষ্ট অঞ্চলত বাস কৰিব পাৰে বা এক বিশাল অঞ্চলজুৰি [[যাযাবৰ]] জীৱন-যাপন কৰিব পাৰে, কিন্তু তেওঁলোক সাধাৰণতে ঐতিহাসিকভাবে এক নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত বা নিৰ্ভৰশীল। খিলঞ্জীয়া সমাজসমূহ পৃথিৱীৰ প্ৰতিটো জলবায়ু অঞ্চল আৰু [[মহাদেশ|মহাদেশতে]] পোৱা যায়।<ref>Acharya, Deepak and Shrivastava Anshu (2008): Indigenous Herbal Medicines: Tribal Formulations and Traditional Herbal Practices, Aavishkar Publishers Distributor, Jaipur, India. {{ISBN|978-81-7910-252-7}}. p. 440</ref>