অ
→গঠন আৰু স্থাপত্য
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
5 নং শাৰী:
==গঠন আৰু স্থাপত্য==
মধ্যযুগৰ পিছৰচোৱা সময়ত দেৱোত্তৰ ভূমিৰ ওপৰত এই শিৱ মন্দিৰটো সজোৱা হৈছে। মন্দিৰটোৰ দুটা বেলেগ বেলেগ ধৰণৰ গাঁঠনি আছে, যেনে- বৰ্গক্ষেত্ৰ আকাৰৰ এখন ওখ মঞ্চ আৰু তাৰ ওপৰত মণ্ডপৰ সৈতে এটা মন্দিৰ। মাটিৰ ওপৰৰ নক্সাখন বৰ্গক্ষেত্ৰ আকাৰৰ আৰু তাৰে ভিতৰত প্ৰদক্ষিণ কৰিব পৰাকৈ এটা পদপথ। ওপৰ মহলাত শিখৰটোক আৱৰি ধৰি মন্দিৰক প্ৰদক্ষিণ কৰিব পৰাকৈ এটা মুকলি পদপথ আছে। এই গাঁঠনিটোৱে মোগল যুগৰ কীৰ্তিস্তম্ভৰ নিদৰ্শন ধৰিব পাৰি। এই অৱয়বটো প্ৰধানকৈ এটা মন্দিৰ আৰু এটা কীৰ্তিস্তম্ভৰ সংমিশ্ৰণ। মাটিৰ পৰা ওপৰৰ মন্দিৰলৈ যাবলৈ বুলি এটা খটখটি বনাই থোৱা আছে। ওপৰৰ মহলাটো মুকলি ঠাই এটুকুৰাই আগুৰি আছে যাতে মন্দিৰটো প্ৰদক্ষিণ কৰিব পৰা যায়।
এটা সৰু কীৰ্তিস্তম্ভৰ লগতে মন্দিৰটো থকা অসমত এইটোৱে একমাত্ৰ ভাস্কৰ্য্য। মন্দিৰখনৰ পুৰণি শিখৰটো বৰ্তমানে নাই। মন্দিৰখনত মাটিৰ তলত এটা কোঠা আছে আৰু ইয়াৰ প্ৰৱেশদ্বাৰ মন্দিৰৰ সন্মুখত অৱস্থিত।<ref name="SSMA" />
[[File:Rudreswar Temple entrance to underground chambers.jpg|thumb|ৰুদ্ৰেশ্বৰ দেৱালয়ৰ মাটিৰ তলৰ কোঠালিৰ প্ৰৱেশদ্বাৰ]]
এই কোঠা কি কামত ব্যৱহাৰ হৈছিল জনা নাযায় যদিও ইয়াক খাদ্য আৰু অন্যান্য লাগতিয়াল সামগ্ৰী ৰখা ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হয়। এই কোঠাৰ ঠিক ওপৰতে মন্দিৰ মূল মণিকূটত শিৱলিংগ অৱস্থিত। মন্দিৰত বতাহ চলাচল কৰিব পৰা আৰু পানী ওলাই যাব পৰা সুন্দৰ ব্যৱস্থা আছে। মন্দিৰখনৰ চাৰিওফালে ইটাৰ বেৰ আছে। ইয়াত দুটা আহোম যুগৰ শিলালিপি উদ্ধাৰ হৈছে আৰু বৰ্তমান যাদুঘৰত সংৰক্ষণৰ বাবে ৰখা হৈছে। মন্দিৰৰ কাষতে কুঁৱৰী পুখুৰী নামেৰে এটা পুখুৰী আছে। স্থানীয় লোকৰ মতে ইয়াত ৰুদ্ৰ সিংহয়ে চাউনিত থাকোঁতে ৰাণী আৰু কুঁৱৰী সকলে ইয়াত গা ধুইছিল। [[File:Konwari Pukhuri near Rudreswar Temple.jpg|thumb|কুঁৱৰী পুখুৰী]]
কুঁৱৰী পুখুৰীৰ পূবত হিলৈধাৰী পুখুৰী নামেৰে আন এটা পুখুৰী আছে।<ref name="SSMA" />
==তথ্য উৎস==
{{reflist}}
|