যতীন্দ্ৰ নাথ দুৱৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

50 নং শাৰী:
==ব্যক্তিগত জীৱন==
যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল '''চিৰ-কুমাৰ'''। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়ালেই হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ জোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড '''অসমৰ চাহ''' আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী [[প্ৰজ্ঞাসুন্দৰী]] দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত [[টাইফ্ৰয়েড]] ৰোগত আক্ৰান্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল।<ref name="যতীন্দ্ৰনাথ দুৱৰা">{{cite book | title=পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ | publisher=অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ| author=ত্ৰিদিপ গোস্বামী | pages=৭৫, ৭৬, ৭৮}}</ref>
 
দুৱৰাদেৱ এজন অতি পৰিপাটি, চৌখিন আৰু নিজৰ চেহেৰাৰ প্ৰতি সচেতন মানুহ আছিল। পৰিপাটীকৈ সাজ পোচাক কৰা তেওৰ ব্যক্তিত্বত অন্যতম অংগ আছিল। তেওৰ স্বভাৱ বৰ লাজকুৰীয়া আছিল, তেও নিজে লিখি থৈ গৈছে- "মোৰ লাজকুৰীয়া স্বভাৱৰ বাবে মই মানুহৰ আগত নিজৰ সম্পৰ্কে একো কব নোৱাৰো।" আৰু " জীৱনত কেৱল কিতাপেই কিনিছিলো আৰু তাকেই লগৰীয়া কৰি লৈছিলো।" <ref> প্ৰান্তিক, ১৫ জানুৱাৰী, ২০১্৯, পৃষ্ঠা ৩৮</ref>
 
== মৃত্যু==