গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

108 নং শাৰী:
* '''[[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]''': গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়]]ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
* '''[[গৰমপানী অভয়াৰণ্য]]''': গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।
* '''বীৰাংগনা সাধনী কলাক্ষেত্ৰ''': এই কলাক্ষেত্ৰ চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা [[সতী সাধনী]]ৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত স্থাপন কৰা হৈছে।
* '''ৰবীন বেনাৰ্জী সংগ্ৰহালয়''': বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় [[ৰবীন বেনাৰ্জী]]ৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে৷ ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰুপান্তৰিত কৰা হৈছে।
* '''যমুনা উদ্যান''': গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে।
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে