লিংগভিত্তিক অধ্যয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
20 নং শাৰী:
 
==নাৰী আৰু পুৰুষসুলভ যৌনতা হিচাপে লিংগ==
কিছুমান তত্ত্ববিদৰ মতে লিঙ্গৰ ধাৰণাটো নাৰী সুলভ আৰু পৰুষ যৌনতাৰ লগত জড়িত। [[কেথেইন মেক্‌ কিনােন]]ৰ যৌনতা হিচাপে লিংগৰ তত্ব মতে কামনাবাসনাৰ আত্মসমর্পন আৰু প্রভাৱৰ দ্বাৰাই লিঙ্গৰ ধাৰণাৰ সৃষ্টি হয়। নাৰী-পুৰুষৰ পার্থক্য আৰু কামনাবাসনাৰ আত্মসমর্পন আৰু প্ৰভাৱে ইটোৱে আনটোক সূচিত কৰে। এই তত্ব বা ধাৰণা অনুসৰি, লিঙ্গৰ ক্ষেত্ৰত, যৌনতা শোষণ আৰু আত্মসমর্পনৰ ক্ষেত্ৰত ব্যক্তিয়ে গ্রহণ কৰা ভূমিকাক প্রাধান্য দিয়া উচিত। সাধাৰণতে, পুৰুষসকলে যৌনতা শােষকৰ আৰু মহিলাসকলেআত্মসমর্পণকাৰীৰ ভূমিকা পালন কৰে সেয়েহে, এই দৃষ্টিভঙ্গী অনুসৰি, লিঙ্গ বৈষম্যতা ব্যৱহাৰ বা আচৰণৰ ক্ষেত্ৰত থকা অথবা মনােবৈজ্ঞানিক সংলক্ষণৰ বৈষম্যতা নহয়, এই বৈষম্যতাৰ প্ৰধান কাৰক হৈছে পিতৃতান্ত্রিক সমাজত প্রচলিত যৌনতাৰ কাৰ্য। পুৰুষ আৰু মহিলাৰ যৌনতা সামাজিকভাৱে চৰ্তবিশিষ্ট। নাৰী
পুৰুষৰ সংলক্ষণ, আচৰণ আৰু ভূমিকাসমূহৰ ক্ষেত্ৰত থকা সামাজিক বৈষম্যসমূহ শক্তি বৈষম্যৰ বাবে জগৰীয়া নহয়। নাৰী আৰু পুৰুষসকল পৃথকভাৱে সামাজিকীকৰণ প্ৰক্ৰিয়াত অন্তর্গত।অসমতাৰ ক্ষেত্ৰত কিছুমান শক্তি
নিয়ােজিত হৈ থাকে।
 
==মহিলা সাৱলীকৰণ==