বেনাজিৰ ভুট্টো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
40 নং শাৰী:
| signature = Benazir Bhutto Signature.svg
}}
'''বেনাজিৰ ভুট্টো''' ({{Lang-ur|بینظیر بھٹو}}‎; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিসেম্বৰডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। বেনাজিৰ ভুট্টো আছিল প্ৰথম মহিলা যিয়ে কোনো মুছলিম সংখ্যাগৰিষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদত নিযুক্ত হৈছিল। আদৰ্শগতভাবে তেওঁ এগৰাকী উদাৰবাদী আৰু ধৰ্মনিৰপেক্ষতাত বিশ্বাসী। ১৯৮০ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ পাকিস্তান পিপলচ্ পাৰ্টি (Pakistan Peoples Party,PPP)-ৰ সভাপতি আৰু উপ-সভাপতি ৰূপে নিযুক্ত আছিল।
 
বেনাজিৰ ভুট্টোৰ জন্ম হৈছিল [[পাকিস্তান]]ৰ [[কাৰাচী]] চহৰত, এক সম্ভ্ৰান্ত ধনী পৰিয়ালত। তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টো আছিল পাকিস্তান পিপলচ্ পাৰ্টিৰ প্ৰতিষ্ঠাতা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী। বেনাজিৰ ভুট্টো উচ্চশিক্ষা গ্ৰহণ কৰিছিল [[হাৰ্ভাড বিশ্ববিদ্যালয়]] আৰু [[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়]]ৰ পৰা। ভুট্টো ১৯৭৭ চনত পাকিস্তান উভতি আহে আৰু তেওঁৰ অহাৰ পূৰ্বে তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টোক পাকিস্তানী আৰ্মিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদচ্যুত কৰে। ইয়াৰ পাছতেই বেনাজিৰ ভুট্টো আৰু তেওঁৰ মাতৃ মিলি পাকিস্তান পিপলচ্ পাৰ্টিৰ নিয়ন্ত্ৰন হাতত লয় আৰু পাকিস্তানত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে আন্দোলন চলাই যায়। ভুট্টোক তৎকালীন মিলিটাৰি চিফ্ মহম্মদ জিয়াউল হকে বহুবাৰ কাৰাবন্দী কৰিছিল আৰু ১৯৮৪ চনত তেওঁক ব্ৰিটেইনলৈ নিৰ্বাসিত কৰা হয়। ১৯৮৬ চনত তেওঁ পাকিস্তান উভতি আহে আৰু পাকিস্তান পিপলচ্ পাৰ্টিৰ ভেটি [[সমাজবাদ|সমাজবাদী]] আদৰ্শক সলনি কৰি [[উদাৰবাদ|উদাৰবাদীত]] পৰিণত কৰি ১৯৮৮ চনৰ সাধাৰন নিৰ্বাচনত জয় লাভ কৰে। প্ৰধানমন্ত্ৰী হিচাপত ভুট্টোৰ মূল উদ্দেশ্য আছিল সংৰক্ষিত ইছলামিক শক্তিৰ বিৰূদ্ধে যুঁজ দি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।