ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
TTT2020ৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী আছিল ক্ষেত্ৰ পৰিদৰ্শন আৰু ফটো ৱাক (Photo Walk)। তাৰবাবে আমি থকা ঠাইৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰৰ উত্তন বিচ্চৰ এখন পৰম্পৰাগত সামুদ্ৰিক মাছুৱৈৰ গাঁৱলৈ লৈ গৈছিল। এই অঞ্চলটো এটা অফবিট টুৰিষ্ট স্পট। গতিকে বাহিৰা মানুহৰ ভীৰ-ভাৰাক্কা নাই। স্থানীয় বাসিন্দাসকলো বাহিৰা মানুহৰ প্ৰতি যথেষ্ঠ সহযোগী মনোভাবাপন্ন। আমাৰ প্ৰশিক্ষাৰ্থী দলটোৰ গাইড আছিল সেই অঞ্চলৰ এজন প্ৰাক্তন কাউঞ্চিলাৰ। এই মধ্যবয়সীয়া ভদ্ৰলোকগৰাকীয়ে আমাক বিভিন্ন মাছ মৰা সঁজুলি আৰু ইয়াৰ লগত জড়িত কাৰিকৰী কথা তথা সমস্যাসমূহৰ বিষয়ে বিতং বাখ্যা কৰিছিল। [[শুৱালকুছি]]ৰ পাট-মুগাশিল্প, [[সৰ্থেবাৰী]]ৰ কাহশিল্প আদিৰ লগতে ভাৰতৰ অন্যান্য পৰম্পৰাগত শিল্প, ব্যৱসায় আৰু জীৱিকা সংকটৰ গৰাহত পৰাৰ দৰে উত্তন গাঁৱৰ এই পৰম্পৰাগত জীৱিকাটোও সংকটৰ গৰাহত পৰিছে। প্ৰত্যাহ্বান আহিছে বৃহৎ মাছমৰীয়া কোম্পানীবোৰৰ পৰা। ডাঙৰ ডাঙৰ কোম্পানীবোৰে অত্যাধুনিক জাহাজ, অত্যাধুনিক মাছ ধৰা সঁজুলি, জিপিআৰএচ, নিজা ডক, নিজা বিপনন ব্যৱস্থাৰে পৰম্পৰাগত মাছুৱৈসকলৰ প্ৰতি প্ৰত্যাহ্বান মাতি আনিছে। এনে প্ৰত্যাহ্বানৰ মাজতো সা-সঁজুলি আদিৰ আধুনিকীকৰণ কৰি পৰম্পৰাগত মাছুৱৈসকলে সময়ৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিছে। চৰকাৰেও তেওঁলোকক কিছুকিছু সমৰ্থন দিছে। জিপিআৰএচৰ ব্যৱস্থা কৰি দিছে, নাওবোৰত পেনিক বাট’ন (Panic button- বিপদত পৰিলে সংকেট দিব পৰা যন্ত্ৰ) সংযোগ কৰি দিছে।
 
অসমীয়া ৱিকিমিডিয়ান এটা তেনেই সৰু কমিউনিটি। সদস্যৰ সংখ্যা কম কাৰণে [[অসমীয়া ভাষা]]ত মাত্ৰ দুটা ৱিকি প্ৰকল্পৰ কামহে চলি আছে। অসমৰ বহু মানুহে অসমীয়া ৱিকি প্ৰকল্পৰ বিষয়ে বেছি নাজানেই। জনাসকলৰো বহুতেই আকৌ ৱিকিত সম্পাদনা কৰাটো বা অৱদান আগবঢ়োৱা জটিল বিষয় বুলি ওচৰেই নাচাপে। কিন্তু আমাক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন দিশত পাৰদৰ্শী মানুহৰ প্ৰয়োজন; সকলো ব্যক্তি সকলো দিশত সমানে পাৰদৰ্শী হ’ব লাগিব বুলি কথা নাই। প্ৰতিজন মানুহে কিবা নহয়, কিবা এটা দিশত অৱদান আগবঢ়াব পাৰে। আমাক প্ৰবন্ধ লিখিব পৰা, অনুবাদ কৰিব পৰা, ভাষাগত ভুলবোৰ শুধৰাব পৰা, অসমীয়া ভাষাত টাইপ কৰিব পৰা, বিশ্বকোষৰ উপযোগী ফটো তুলিব পৰা, বিভিন্ন পুথিভঁৰাল-সংগ্ৰহালয় আদিত সঞ্চিত হৈ থকা অসমৰ আপুৰগীয়া সমলৰসমূহৰ ডকুমেণ্টেচন কৰাকৰিব পৰা, কাৰিকৰী বা কপিৰাইটৰ দিশৰ কাম-কাজ চোৱা-চিতা কৰিব পৰা আদি বিভিন্ন ব্যক্তিৰ প্ৰয়োজন। সেয়েহে সংকোচ আঁতৰাই থৈ সকলো আগবাঢ়ি আহক।
 
[[সদস্য:Babulbaishya|বাবুল বৈশ্য]] ([[সদস্য বাৰ্তা:Babulbaishya|talk]]) 05:41, 3 April 2020 (ইউ.টি.চি.)