নিপন গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
20 নং শাৰী:
[[তেজপুৰ|তেজপুৰৰ]] কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ [[চন্দ্ৰধৰ গোস্বামী]] আছিল বিখ্যাত অভিনেতা, আৰু মাতৃ '''নিৰুপমা গোস্বামী'''য়ে সংগীত চৰ্চা কৰিছিল। নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত '[[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]'ত শিক্ষা গ্ৰহণ কৰে।
 
সাংস্কৃতিক পৰিবেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাচোঁপাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তাৰোপৰি [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[ফণী শৰ্মা]] আছিল তেখেতৰ চুবুৰীয়া। [[বাণ ৰঙ্গমঞ্চ]]ত নিয়মিত ভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।
 
==অভিনয় জীৱন==