বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
গোটা বাঁহৰ ওপৰত তেল লগাই জুইত সেকিও পৰম্পৰাগতভাৱে বাঁহ সংৰক্ষণ কৰা হয়। বৰ্হি ভাগত তেল লগাই জুইত সেকিলে বহি: কোষৰ দ্ৰুত শুস্কিকৰণ ঘটে। ই কোষৰ আংশিক জ্বলন আৰু শৰ্কৰাৰ বিগলন বা বিয়োজন ঘটায়। গোটা বাঁহ কম জুইত একেৰাহে ঘূৰাই ঘূৰাই সেকা ভাল। বেছিকৈ শুকুৱালে বা বেছি তাপ প্ৰয়োগ কৰিলে বাঁহৰ ক্ষতিহে হয়। এই পদ্ধতিৰ যোগেদি গোটা বাঁহক পোন ও কৰিব পাৰি।<ref name=":0" />
===প্ৰলেপ লগোৱা===
বিভিন্ন ধৰণৰ প্ৰলেপ প্ৰয়োগ কৰিও বাঁহৰ স্থায়িত্ব বঢ়াববঢ়োৱা পাৰি।হয়। আল্কাত্ৰাআল্‌কাত্‌ৰা, চূণ, আল্কাতৰাআল্‌কাত্‌ৰা আৰু চূণ, আল্কাতৰাআল্‌কাত্‌ৰা আৰু বালি আদিৰ প্ৰলেপ প্ৰয়োগ কৰিব পাৰি। বাঁহৰ যিফালেদি জৈৱ ক্ষৰণ কাৰক সোমাই যোৱাৰ সম্ভাৱনা থাকে তাতেই এই প্ৰলেপ লগাই অভেদ্য আৱৰণ সৃষ্টি কৰা হয়। সাধাৰণতে বাঁহৰ কটা অংশত, মুক্ত পাবত, ঘঁহনি খাই যোৱা অংশত, ফটা আৰু কটা মূৰত এই প্ৰলেপসমূহ একেৰাহে প্ৰয়োগ কৰা হয়।<ref name=":0" />
 
== ৰাসায়নিক পদ্ধতি==
পৰম্পৰাগত পদ্ধতি চিদ্ৰকাৰী পোকৰ বিপক্ষে যদিও উপযোগী হ’লেও ই উঁই পৰুৱা আৰু ভেঁকুৰৰ আক্ৰমণ ৰোধ কৰাত সক্ষম নহয়। এইবোৰ ক্ষেত্ৰত ৰাসায়নিক পদ্ধতি যথেষ্ট উপযোগী। বাঁহৰ বহি: ভাগত পানী বিৰোধী তৰপ থাকে আৰু অন্ত: ভাগত চুবেৰিণ থাকে যাৰ ফলত তৰলৰ অন্তৰ্গমন অসম্ভৱ। এই কাৰণতে কেৱল কাণ্ডৰ কটা মূৰৰ নলিকাদিয়েই ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটাব পাৰি। বাঁহক সুৰক্ষা দিবলৈ প্যাৰেনক্যাইমা আৰু আঁহবোৰৰ মাজত ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটোৱা হয়।<ref name=":0" />