আনন্দৰাম ঢেকিয়াল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
|pseudonym=
|birth_name=
|birth_date=২৪-০৮-১৮১৯১৮২৯ চন
|birth_place=[[গুৱাহাটী]], [[অসম]]
|death_date=১৬-০৬-১৮৫৯ চন
34 নং শাৰী:
|signature_alt=
|website=}}
'''আনন্দৰাম ঢেকিয়াল ফুকনৰ''' (২৪ আগষ্ট, ১৮১৯১৮২৯ - ১৬ জুন, ১৮৫৯<ref name=shiv>শিৱনাথ বৰ্মন, ''অসমীয়া জীৱনী অভিধান'', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, ১৯৯২, পৃঃ২৩-২৪</ref>) জন্ম [[গুৱাহাটী]]ত। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা [[বাংলা ভাষা]]ৰ ঠাইত পুনঃ [[অসমীয়া ভাষা]] [[অসম]]ত প্ৰৱৰ্তন কৰা হয়।<ref name="ভৰালী">{{cite book | title=এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া | publisher=চিত্ৰলেখা পাব্লিকেশ্বনচ্‌ | author=হেমন্ত কুমাৰ ভৰালী | year=২০০১ | location=গুৱাহাটী | pages=১৬০-১৬৬}}</ref> এখেতক আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লেখক বুলি ক’ব পাৰি।
 
==জন্ম আৰু শিক্ষাজীৱন==
১৮৩০১৮২৯ খ্ৰীষ্টাব্দত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল। পিতৃ [[হলিৰাম ঢেকিয়াল ফুকন]] প্ৰথমে [[আহোম]] ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ [[কামৰূপ]]ৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে [[সংস্কৃত]] আৰু [[বাংলা ভাষা]]ত দুখন কিতাপ লিখিছিল, এখনৰ বিষয় বস্তু আছিল [[কামাখ্যা]] আৰু আনখনৰ [[অসম]]। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন [[উমানন্দ]]ৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজীত শিক্ষা গ্ৰহণত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭<ref name="shiv" /> চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত (Gauhati English School) ভৰ্তি হয়। '''জেম্‌ছ মেথিউ''' আৰু '''জেন্‌কিন্স'''ৰ তত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল। ১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ পঠিয়ায়<ref name="shiv" />। সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি [[কলিকতা]]লৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। [[কলিকতা]]ৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে [[হিন্দু কলেজ]]ত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰি ১৮৪৪ চনত গুৱাহাটীলৈ উভতি আহে। উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে [[ইংৰাজী ভাষা]]ৰ অধ্যয়ন চলাই যোৱাৰ লগতে, [[উৰ্দু ভাষা|উৰ্দু]] আৰু [[ফাৰ্চী ভাষা]]ৰো [[শিক্ষা]] গ্ৰহণ কৰে।
 
==বিবাহ আৰু কৰ্মজীৱন==