হোমেন বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
42 নং শাৰী:
 
==ৰচনা শৈলী==
"পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।"- ড° নমিতা ডেকা (হোমেন বৰগোহাঞিৰ সন্ধানত)। লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। "বিভিন্ন নৰক" নামৰ কিতাপ খনৰ কাৰনে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লবলৈল'বলৈ বাধ্যত পৰে{citation needed}। চাকৰিৰ পৰা ওলাই তেওঁ সাংবাদিক জীৱনৰ লগত সাঙুৰসাঙোৰ খাই পৰে৷ তেওঁৰ কলমেদি কেবাখনো আত্মজীৱনীমুলকআত্মজীৱনীমূলক কিতাপ প্ৰকাশ পাইছে৷ প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে। তাৰ ভিতৰত 'মোৰ টোকাবহীৰ পৰা' অতি উল্লেখযোগ্য।