শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

92 নং শাৰী:
 
==নিৰ্মাণ==
বৰ্তমানৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আদিম অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড [[হেঙুল আৰু হাইতাল|হেঙুল-হাইতাল]] থকা বটবৃক্ষৰে পৰিবেষ্টিত সন্তলোকৰ আশ্ৰমৰ এটি সৰু মন্দিৰ। মন্দিৰ ভাগত এপাত ত্ৰিশূল আৰু আৰু এখনি চন্দন কাঠৰ ঠগা আছিল। সেই মন্দিৰ ভাগতেই দূৰ-অতীজৰ পৰাই পূজা-সেৱা, নৈবদ্য অৰ্চ্চনাদি কৰ্মও পূৰ্বপুৰুষ সকলে চলাই আহিছিল।<ref name=" নিৰ্মাণ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩৩ৰপৰা ৩৯ পৃ্ষ্ঠা }}</ref> পুৰণা সেই মন্দিৰৰ আলমত (মন্দিৰক মাজত ৰাখি) আঠখেলৰ আঠখন খেৰৰ চালি সাজি আঠকুৰি ৰাইজে মন্দিৰৰ প্ৰতিপালন কৰি ধৰ্মীয়কাৰ্য চলাই আহিছিল। তেতিয়াৰ পৰাই এই অনুষ্ঠান ভাগিত ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহত আঠখেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণুৰ পূজনত অৰ্চ্চিত হৈ অদ্যপৰিমিত সেই নিয়ম প্ৰচলিত হৈয়েই আছে। পূৰ্বপুৰুষসকলৰ অসীম ত্যাগ আৰু শ্ৰমদানৰ যোগেদি দূৰ অতীতৰ মন্দিৰ সহ আঠখন চালিৰ পৰিৱৰ্তে মাজত মন্দিৰ ৰাখি ডাঙৰ ডাঙৰ খুটাৰ সৈতে (কাঠৰ খুটা সৈতে) আঠটা কোঠালীৰ খেৰীঘৰ নিৰ্মাণ কৰিছিল। প্ৰতিটো কোঠাত এখনকৈ আঠখন দুৱাৰ আৰু ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহৰ আঠ খেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণু পূজনত এতিয়াও অৰ্চ্চিত হৈয়ে আছিল। সেই সময়তো অতীজৰ ত্ৰিশূল আৰু চন্দন কাঠৰ ঠগা ভাগিয়েই আছিল সকলোৰে ইষ্ট দেৱতাৰ সেৱাৰ থলী। এনেদৰেই পূৰ্বপুৰুষসকলে খেৰীঘৰ সজা – বটা কৰি, তাত ধৰ্মীয় কাৰ্য পালন কৰি যুগ যুগ পাৰ কৰি দিছিল।
 
;স্থায়ীঘৰ নিৰ্মাণ