.
। দিলো
3 নং শাৰী:
[[অসমীয়া ৱিকিপিডিয়া]]ৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মই, ড০ ৰবীন জামান । মোৰ ঘৰ [[মেঘালয়]]ৰ [[পশ্চিম গাৰোপাহাৰ জিলা]]ৰ [[ফুলবাৰী]]ত,। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।
 
১৯৭৫ চনৰ ০১মাৰ্চ তাৰিখে মেঘালয়ৰ [[পশ্চিম গাৰোপাহাৰ জিলা]]ৰ ফুলবাৰীত মোৰ জন্ম হয়। দেউতা লক্ষীপুৰৰ খণ্ড উন্নয়ণ বিষয়া আছিল বাবে [[গোৱালপাৰা জিলা]]ৰ [[লক্ষীপুৰ]]ত মোৰ শৈশৱকাল অতিবাহিত হয় | ব্লক অফিচৰ কোৱাৰ্টাৰৰ গাতে লাগি থকা বিশাল শাল গছৰ বননিয়ে মোক আজিও হাতবাউলি মাতে |
 
<big>পৰিয়াল</big>
 
মা, মই, মোৰ পৰিবাৰ, ছোৱালী নিশাত, আৰু ল'ৰা ৰিশ্বাদৰ সৈতে পাঁচজনীয়া পৰিয়াল আমাৰ। মোৰ দেউতা আলহাজ তৈয়বুজ জামান এজন খণ্ড উন্নয়ন বিষয়া আছিল যদিও কৃষি কৰ্মতো সমানেই পাৰদৰ্শী আছিল | মা ছামছুন নেহাৰ তৈয়ব এগৰাকী গৃহিণী।
 
<big>শিক্ষা</big>
 
মই [[লক্ষীপুৰ]] নিদানপুৰৰ [[সবিতা বিদ্যাপীঠ]]ত প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰোঁ। তাৰ পিছত ফুলবাৰী এল.পি.স্কুলৰ পৰা পাছ কৰি কিছুদিন ফুলবাৰীৰ জে.এন. হাইস্কুলত পঢ়ি দক্ষিণ শালমাৰাৰ [[ৰাণী ভবানী প্ৰিয়া হায়াৰ ছেকেণ্ডাৰী]]ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰো | ইয়াৰ পিছতেই [[ধুবুৰী]]ৰ [[ভোলানাথ মহাবিদ্যালয়]]ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লাভ কৰো | [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত [[গোৱালপৰীয়া উপভাষা]]ত Ph.D কৰিলো | কৰ্মজীৱনৰ পাতনি মেলো মেঘালয়ৰ [[কাজী এণ্ড জামান কলেজ]]ত | কিছুদিন চাকৰি কৰাৰ পিছতে [[মানকাচৰ মহাবিদ্যালয়]]ত যোগদান কৰো আৰু বৰ্তমানেও কৰ্মৰত [[মানকাচৰ মহাবিদ্যলয়]]ত | ইতিমধ্যে দুবাৰকৈ [[UGC]] ৰ [[Minor Research Project]] ৰ অনুদান পাই দুটাকৈ গৱেষণা গ্ৰন্থৰ কাম সম্পন্ন কৰো |