পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
link বাৰুদ using Find link
51 নং শাৰী:
এইক্স-লা-চেপেল চুক্তিয়ে দুই ইউৰোপীয় শক্তিক প্ৰত্যক্ষ সংঘাটৰ পৰা বিৰত ৰাখিছিল যদিও স্থানীয় ৰাজ্য সমুহৰ যোগেদি পৰোক্ষ সংঘাট চলিয়ে আছিল। এই সংঘাট আছিল ডেক্কানৰ নিজাম আৰু কৰ্ণাটকৰ নৱাব পদৰ বাবে। ইংৰাজ আৰু ফ্ৰেন্স দুয়োপক্ষই নিজৰ নিজৰ প্ৰাৰ্থী নিযুক্ত কৰিছিল আৰু দুয়োপক্ষৰ প্ৰাৰ্থী ইজনে সিজনৰ বিপক্ষে সংঘাটত লিপ্ত হৈছিল। ১৭৫১ চনৰ মাজভাগত ফ্ৰেন্স সমৰ্থিত নৱাব পদৰ প্ৰাৰ্থী চন্দা চাহিবে ইংৰাজ প্ৰাৰ্থী মদম্মদ আলিক আক্ৰমন কৰে<ref name =HCarn/><ref name="Mahon, pp. 307–311"/>।
 
১৭৫১ চনৰ ১ চেপ্তেম্বৰত কেপ্টেইন ৰবাৰ্ট ক্লাইভৰ অধীনত ২৮০ ইউৰোপীয় সৈন্য আৰু ৩০০ ভাৰতীয় চিপাহীয়ে কৰ্ণাটকৰ ৰাজধানী আৰাকোট আক্ৰমন কৰি দখল কৰে। আশা কৰা মতেই চন্দা চাহিবে বাধ্য হৈ ৪,০০০ ভাৰতীয় আৰু ১৫০ ফ্ৰেন্স সৈন্য ৰাজা চাহিবৰ অধীনত আৰাকোট পুনৰ দখলৰ বাবে প্ৰেৰন কৰে। ৰাজা চাহিবৰ সৈন্যই দুৰ্গ ঘেৰাও কৰে আৰু কেইবা সপ্তাহৰ পিছত দেৱালৰ কিছু কিছু অংশত সফল আক্ৰমন চলাই। ক্লাইভে মুৰাৰী ৰাও নামৰ এজন মাইছোৰৰ পৰ্বতত চাউনি পাতি থকা মাৰাঠা অধীনা্যকলৈ বাৰ্তা প্ৰেৰন কৰে যাক মদম্মদ আলিক সহায় কৰাৰ বাবে অনুদান দিয়া হৈছিল। ৰাজা চাহিবে মাৰাঠা সেনাৰ পৰা আহিব পৰা আক্ৰমন উমান পায় নগদ ধনৰ বিনিময়ত ক্লাইভক আত্মসমৰ্পন কৰাৰ দাবি জনাই কিন্তু ক্লাইভে অগ্ৰাহ্য কৰে। ২৪ নভেম্বৰৰ পুৱা ৰাজা চাহিবে দুৰ্গ প্ৰবেশৰ কেইবাটাও চেষ্টা চলাই আৰু প্ৰতিবাৰে নিজৰ ক্ষতিৰ সৈতে বিফল হয়। পিছদিনা এই আক্ৰমন উঠাই লোৱা হয় আৰু ৰাজা চাহিবৰ সেনা বন্দুক [[বাৰুদ]] এৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰাকোট, কঞ্জেভেৰাম([[Conjeeveram]]) আৰু ত্ৰিচিনপলি([[Trichinopoly]]) ৰ সফলতাৰ লগে লগে ইংৰাজে কৰ্ণাটক সুৰক্ষিত কৰি মদম্মদ আলিক নৱাব হিচাপে লগতে এক চুক্তি মতে ফ্ৰান্স গৱৰ্নৰ [[Charles Godeheu|Godeheu]] স্থাপন কৰে.<ref>Mahon, pp. 317–326</ref><ref>Harrington, pp. 11–16</ref>
 
===বংগ অভিযান===