ভোলানাথ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

55 নং শাৰী:
 
=== বিদেশত বৰুৱা ===
১৯০৮ চনত ভোলানাথ বৰুৱা বিদেশলৈ যায়৷ যাবৰ সময়ত তেওঁ বিশ্বনাথ বৰুৱাক এটা কয়লাৰ কোম্পানী আৰম্ভ কৰিবলৈ অনুমতি দিয়ে ৷ বিদেশত থাকোঁতেই সেই কোম্পানীৰ কাম আৰম্ভ হয়৷ পিছে কয়লাৰ কোম্পানীৰকোম্পানী পতা ঠাইত কয়লাৰ কোনো চিন নাই আৰু কয়লা আছে বুলি কোৱা কয়লা-পৰীক্ষকজনো পলাই গ'ল ৷ ১৯০৮-১০ চনত বৰুৱাৰ প্ৰায় ১৪ লাখ টকা লোকচান হয় আৰু সেই লোকচানে ব্যৱসায়ত বৰকৈ আঘাত হানে ৷ <ref name="ভোলা২" />
 
===ব্যৱসায়িক ক্ষতি আৰু পুনৰুত্থান===
১৯০৯ চনত বৰুৱা বিদেশৰ পৰা উভতি আহে আৰু ১৯০৬ চনতে ময়ূৰভঞ্জৰ ৰজাৰ পৰা লৈ থোৱা জংঘলখনত ভালকৈ ব্যৱসায় কৰিবলৈ মন মেলে৷ কিন্তু এই প্ৰস্তাৱনাত গৱৰ্ণমেণ্টে বাধা আৰোপ কৰিলে৷ ১৯১২ চনত মহাৰাজৰ মৃত্যু হয়৷ মহাৰাজৰ সমস্ত সম্পত্তি গৱৰ্ণমেণ্টৰ হাতলৈ গ'ল৷ বৰুৱাই বহু চেষ্টা কৰি ময়ূৰভঞ্জৰ জংঘল বন্দৱস্ত কৰি ৩০ বছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ আনে আৰু ব্যৱসায়িক লোকচান পূৰাবলৈ চেষ্টা কৰে৷ এই সময়তে তেওঁৰ ভতিজাক আৰু তেওঁৰ ব্যৱসায়িক সংগী বিশ্বনাথ বৰুৱাৰ অকাল মৃত্যু হয়৷ ময়ূৰভঞ্জৰ জংঘলত কাম কৰিবলৈ মহীনাৰায়ণ বৰা আহে আৰু কলিকতাৰ অফিচত বহে তৰুণচন্দ্ৰ বৰুৱা৷ এওঁলোকে ধাৰ-ঋণ পৰিশোধ কৰি থাকিল ৷ লাহে-লাহে আটাইবোৰ ধাৰ মৰিল আৰু ব্যৱসায়ে পুনৰ বিকাশ লাভ কৰিলে৷ ক্ৰমবৰ্ধমান কাঠৰ ব্যৱসায় চম্ভালিবলৈ ১৯১৯ চনত তেওঁ কাঠৰ কাৰবাৰক এটা লিমিটেড কোম্পানীৰ মৰ্যাদা দিলে আৰু কোম্পানীৰ এক অংশীদাৰিত্ব কৰিলে কলিকতাৰ প্ৰখ্যাত মাৰ্টিন কোম্পানীক৷ জীয়াই থকা কালত বৰুৱা সেই কোম্পানীৰ এজন সঞ্চালক আছিল৷ <ref name="ভোলা২" />