"তেজ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

44 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
 
==প্লাজমা==
{{Main|ৰক্ত প্লাজমা}}
[[File:Blutkreislauf.png|thumb|100px|তেজৰ প্ৰৱাহ:<br />ৰঙা = অক্সিজেনযুক্ত তেজ<br />নীলা = অক্সিজেন ৰহিত তেজ]]
ৰক্তকণিকাবিহীন তেজৰ তৰল অংশই হ'ল প্লাজমা। ইয়াৰ ৰং পাতল হালধীয়া। ই কিছুমান অজৈৱিক আৰু জৈৱিক উপাদানেৰে গঠিত। '''অজৈৱিক উপাদানসমূহ হ'ল''': ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ ক্ল'ৰাইড, বাইকাৰ্বনেট, ছালফেট, ফছফেট, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ইত্যাদি। '''জৈৱিক উপাদানসমূহ হ'ল''': প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড, হৰমন, এনমিয়া, ইউৰিয়া, ইউৰিক এচিড, এণ্টিবডি ইত্যাদি। প্লাজমাত খাদ্যৰ সৰল অৱস্থাসমূহ যেনে- গ্লুকজ, এমিন' এচিদ ইত্যাদি দ্ৰৱীভূত হৈ থাকে। <ref>অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত সাধাৰণ বিজ্ঞানৰ পাঠ্যপুঠি, লেখক- ড. ৰাতুল চন্দ্ৰ ৰাজখোৱা, ড. জয়ন্ত বাৰুকিয়াল</ref>প্লাজমাত থকা এই দ্ৰৱিত বস্তুবোৰৰ বাবে প্লাজমাৰ এটা আঠালতীয়া গুণ থাকে ৷ এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড আদি যৌগবোৰ প্লাজমাত থকা অলাগতিয়াল নাইট্ৰজেন জাতীয় ৰেচন দ্ৰব্য। দেহৰ পৰা উলিয়াই দিয়াৰ উদেশ্যে প্লাজমাই এইবোৰক উৎপন্ন হোৱা স্থানৰ পৰা ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে।