ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

128 নং শাৰী:
 
==ৱিকিউৎসৰ অনলাইন কৰ্মশালা==
ফেচবুকৰ অসমীয়া ৱিকিমিডিয়া গ্ৰুপৰ যোগেদি [[সদস্য:Ani_ttbr|অনিমেষ বৰা]]ই ৱিকিউৎসৰ এখন অনলাইন কৰ্মশালাৰ আহ্বান জনায়। আগন্তুক ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ২৫ এপ্ৰিলৰ ৰাতি ৮ বজাত এই কৰ্মশালাৰ সময় ধাৰ্য কৰা হয়। কেইবাজনো সক্ৰিয় ৱিকি সদস্যই অতি কম সময়ৰ ভিতৰতে বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি এই কৰ্মশালাৰ কথা প্ৰচাৰ কৰে। ইয়াৰ ফলতেই এই কৰ্মশালাখন সুকলমেৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। ৱিকিউৎস তথা ৱিকিপিডিয়াৰ প্ৰশাসক [[সদস্য:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]ও এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। জুম এপৰ সহায়ত অনুষ্ঠিত কৰা এই কৰ্মশালাখনত ৱিকি সমাজৰ নতুন আৰু অভিজ্ঞ সদস্যকে ধৰি প্ৰায় ২৫ জন লোকে অংশগ্ৰহণ কৰে।
 
কৰ্মশালাৰ আৰম্ভণিতে ৱিকিউৎসৰ বিষয়ে নতুন সদস্যসকলক পৰিচয় কৰোৱা হয়। তাৰ পিছত কৰ্মশালাখনৰ মূল কাৰ্য্যসূচী আৰম্ভ কৰা হয়। পোন প্ৰথমতে, সদস্যসকলক ৱিকিউৎসৰ সম্পাদনাত ব্যৱহাৰ হোৱা বিভিন্ন সঁজুলি সমূহৰ বিষয়ে চিনাকি কৰাই দিয়া হয়। ইয়াৰ লগতে সঁজুলি সমূহ ব্যৱহাৰ কৰি দুটামান পৃষ্ঠা সম্পাদনা কৰি দেখুওৱা হয়। শেষৰ ফালে অংশগ্ৰহণকাৰীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়া হয়। সম্পাদনা কৰোঁতে পোৱা কাৰিকৰী দিশৰ অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। প্ৰশাসক [[সদস্য:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]য়ে এই প্ৰশ্নোত্তৰ শিতানত সহযোগিতা আগবঢ়ায়। --[[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 12:25, 30 April 2020 (ইউ.টি.চি.)