অসমীয়া জলপান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া পৰম্পৰাগত জলপানসমূহৰ নাম আৰু তৈয়াৰ কৰা পদ্ধতি দাঙি ধৰা হৈছে।
 
tag
1 নং শাৰী:
{{wikify}}
='''<big>অসমীয়া জলপান</big>'''=
 
'''<big>অ</big>'''সমীয়াঅসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰিও ভিন্নধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে। তেনে এক পৰম্পৰাগত লঘু আহাৰ হৈছে জলপান। কোমল চাউল, সান্দহ, পিঠাগুড়ি, চিৰা, লুথুৰি, কড়াই গুড়ি, পায়স, চুঙা চাউল, তিলপিঠা, ঘিলা পিঠা, মুড়ি, টেকেলি পিঠা ইত্যাদি ভিন্ননামৰ জলপানে অসমীয়া সমাজত পৰম্পৰাগতভাৱে বিশেষ স্থান দখল কৰি আহিছে। অতীজৰে পৰা অসমীয়া সমাজ-সংস্কৃতিত দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ-পাৰ্বণ, বিয়া-বাৰু, সকামে-নিকামে বিভিন্নধৰণেৰে জলপানৰ ব্যৱহাৰ হৈ আহিছে। জলপান তৈয়াৰ কৰা সঁ‌জুলি, যেনে-ঢেঁ‌কী, উৰল আদি, জলপান পৰিৱেশন কৰা কাঁ‌হী, পাণ ধোৱা কাঁ‌হী, জাত কাঁ‌হী, বানবাটি, হাতীখুজীয়া বাটি আদি অসমীয়া সংস্কৃতিৰ ভিতৰুৱা অংগ।
 
তৈয়াৰ কৰি খোৱা পদ্ধতি অনুসৰি এই জলপানসমূহক এনেকৈ ভগাব পাৰিঃ
16 নং শাৰী:
 
 
== '''তিয়াই খোৱা জলপান''' ==
 
'''কোমল চাউল''' বিশেষকৈ চকোৱা ধান সিজাই টান ৰ'দত শুকুৱাই চাউল উলিয়াই পিছত পানীত তিয়াই কোমল কৰি দৈ, গুৰ আদিৰে সৈতে খোৱা হয়।
22 নং শাৰী:
'''ভজা বৰা চাউল''' বৰা ধান ফুট কাঢ়ি পানীখিনি নিয়ৰ হোৱাৰ পিছত ভাজি ঠাণ্ডা হ'লে চাউল উলিয়াই তাক পানীত তিয়াই জলপান কৰি খোৱা হয়।
 
=='''সিজাই খোৱা জলপান'''==
 
=='''সিজাই খোৱা জলপান'''==
 
'''ভাত পিঠা''' আৰৈ চাউলৰ কেঁ‌চা পিঠাগুড়ি কুহুমীয়া নাইবা ঠাণ্ডা পানীৰে সানি লৈ বিশেষ চালনীৰে চালি উতলি থকা পানীত সিজাই এই পিঠা প্ৰস্তুত কৰি গুড়, তপত গাখীৰ বা দৈ নাইবা মাংসৰে সৈতে খাব পাৰি। ভাতৰ দৰে সিজোৱা বাবে এই পিঠাৰ নাম ভাত পিঠা।
 
Line 42 ⟶ 40:
 
 
=='''ভাজি খোৱা জলপান'''==
 
ভাজি খোৱা জলপানক এনেকৈ ভগাব পাৰিঃ
 
==== '''(ক) ভাজি খোৱা জলপান''' ====
 
'''আখৈ''' চকোৱা বা বৰা ধান ভালকৈ ৰ'দাই কেৰাহীত বালিৰ সৈতে নাইবা সুদাকৈয়ে গৰম কৰি লৰাই থাকিলে ধানবিলাক ফাটি আখৈৰ প্ৰস্তুত হয়।
Line 54 ⟶ 51:
'''হুৰুম''' বৰা ধান পাঁ‌চদিনমান পানীত ভিজাই ৰাখি পিছত টুকি নিয়ৰ হ'বলৈ দি কেৰাহীৰ কম জুইত ভাজি ঠাণ্ডা হ'লে ঢেঁকীত খুন্দি লৈ চাউলখিনি নাৰিকল তেলেৰে সানি অলপ সময় থ'ব লাগে। তাৰপিছত বালিৰে সৈতে সেই চাউল ভাজিলে হুৰুম জলপান প্ৰস্তুত হয়।
 
==== '''(খ) ভজাৰ পিছত খুন্দি খোৱা জলপান''' ====
 
'''চিৰা''' মৌ বৰা, বকুল বৰা, চকোৱা, মালভোগ আদি ধান তিনিদিনমান তিয়াই ৰাখি নাইবা ফুট কাঢ়ি (তিয়াই লগে লগে টুকি) ভাজি গৰমে গৰমে ঢেঁ‌কীত খুন্দি চেপেটা কৰি চিৰা জলপান তৈয়াৰ কৰা হয়।
Line 62 ⟶ 59:
'''কৰাই গুড়ি''' উখুৱা চাউল তিয়াই লৈ ভাজি এই জলপান প্ৰস্তত কৰা হয়।
 
==== '''(গ)খুন্দাৰ পিছত ভাজি খোৱা জলপান''' ====
 
'''পিঠাগুড়ি''' আৰৈ চাউল তিয়াই কোমল কৰি ঢেঁ‌কীত খুন্দি উলিওৱা পিঠাগুড়িক জুইত ভাজি ইয়াক প্ৰস্তুত কৰা হয়।
 
 
== '''ভাপত সিজোৱা জলপান''' ==
 
'''টেকেলি পিঠা''' আৰৈ চাউলৰ পিঠাগুড়িত গুড়, চেনি, নাৰিকল আদি মিহলাই চালনীৰে চালি লৈ বাতি আদি পাত্ৰত মুখলৈকে ভৰাই পাতল কাপোৰেৰে বান্ধি উতলি থকা পানীৰ ভৰ্তি টেকেলি এটাৰ মুখৰ ভাপত সিজাই টেকেলি পিঠা প্ৰস্তুত কৰা হয়।
 
Line 74 ⟶ 70:
 
 
== '''অন্যান্য জলপান''' ==
 
==== '''(ক) পিঠাপনা ====
 
'''তিলপিঠা বা খোলাচপৰীয়া পিঠা''' বৰা চাউল তিয়াই কোমল কৰি পিঠাগুড়ি খুন্দি লৈ গৰম তাৱা আদিত পাতলকৈ মেলি দি তাত গুৰ, তিল, নাৰিকল আদিৰ মিশ্ৰণ দি দীঘলীয়াকৈ পকাই এই পিঠা প্ৰস্তুত কৰা হয়।
Line 108 ⟶ 104:
'''খৰচি পিঠা''' বৰা চাউলৰ খৰচি (মিহি নোহোৱা গুড়ি)ত গুড় বা চেনীৰ সৈতে মিহলাই পানীৰে থুপথুপীয়াকৈ সানি কলপাতত সেইমিশ্ৰণ বহলকৈ মেলি ওপৰত আন এখন কলপাতেৰে ঢাকিত জুইত সেকি এই পিঠা প্ৰস্তুত কৰা হয়।
 
==== '''(খ) লাড়ু''' ====
 
'''নাৰিকলৰ লাড়ু''' নাৰিকল ৰুকি লৈ তাত চেনী বা গুৰ মিহলাই কেৰাহীত ভাজি আঠা হ'লে নমাই গৰমে গৰমে এই লাড়ু বনোৱা হয়।
Line 114 ⟶ 110:
'''মুড়ি/চিৰা/আখৈ/তিল লাড়ু''' গুড় পনীয়া পগাই তাত মুড়ি বা চিৰা বা আখৈ বা তিল মিহলাই গৰমে গৰমে লাড়ু সজাব লাগে।
 
==== '''(গ) মিঠৈ''' ====
 
'''পকা মিঠৈ''' গুড় পগাই তাত আৰৈ চাউলৰ কেঁ‌চা পিঠাগুড়ি, জালুকৰ গুড়ি মিহলাই ডাঠ হ'লে গৰমে গৰমে মিঠৈ কৰিব লাগে।
Line 142 ⟶ 138:
  ''কলে পিঠাগুড়ি পাই
  ''আহুধানৰ পিঠা কঁ‌ঠালৰ এফুটা...'''(লখিমী সবাহৰ নাম)'''
 
 
অসমীয়া সমাজত এনে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আছে, যিবোৰত জলপান সম্বন্ধীয় লোকবিশ্বাস প্ৰচলিত হৈ আছে। যেনে-
Line 156 ⟶ 151:
গতিকে এইটো সহজে অনুমেয় যে অসমীয়া সংস্কৃতি চহকী কৰি তোলাত অসমীয়া পৰম্পৰাগত জলপানৰ গুৰুত্ব কিমান বেছি।
 
==তথ্য সংগ্ৰহ== 
{{Reflist}}
<ref>(১) "অসমৰ সংস্কৃতি কোষ", নাৰায়ণ দাস আৰু অন্যান্য (সম্পাদনা)</ref>
<ref>(২) "অসমীয়া জন-সাহিত্য", প্ৰফুল্ল দত্ত গোস্বামী</ref>