মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox Mandir
|name = মদন কামদেৱ দেৱালয়
|image = Assam MK Lion.JPG
|image_size = 220px
|image_alt =
|caption = মদন কামদেৱ দেৱালয়ত অৱস্থিত নৱম-দশম শতিকাৰ সিংহৰ মূৰ্তি
|pushpin_map =
| latd =
| latd longd =
|map_caption =
| longd =
|map_size =
|map_caption =
|other_names =
|map_size =
|assamese =
|other_names =
|sanskrit_translit =
|assamese =
|country = ভাৰত
|sanskrit_translit =
|state/province = [[অসম]]
|country = ভাৰত
|district = [[কামৰূপ জিলা|কামৰূপ]]
|state/province = [[অসম]]
|locale = [[বাইহাটা চাৰিআলি]]
|district = [[কামৰূপ জিলা|কামৰূপ]]
|primary_deity = [[শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপ]]
|locale = [[বাইহাটা চাৰিআলি]]
|important_festivals =
|primary_deity = [[শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপ]]
|architecture = পাল, অসমীয়া
|important_festivals =
|number_of_temples =
|architecture = পাল, অসমীয়া
|number_of_monuments =
|number_of_temples =
|inscriptions =
|number_of_monuments =
|date_built =
|inscriptions =
|creator = পাল বংশীয় শাসক
|date_built =
|creator = পাল বংশীয় শাসক
}}
 
'''মদন কামদেৱ দেৱালয়''' <ref name="a.assam">{{cite journal | title=শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয় | journal=আজিৰ অসম | year=১৯৯৩ | month=২৪ মাৰ্চ | pages=বুধবৰীয়া পৰিপূৰিকা পৃঃ খ}}</ref> <ref>{{cite web | url=http://kamrup.nic.in/placefr.htm | title=Places of Interest | publisher=Kamrup District Authority | accessdate=December 29, 2011}}</ref>হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[বাইহাটা চাৰিআলি]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ [[খাজুৰাহো]]<ref>{{cite web | url=http://peperonity.com/go/sites/mview/photo.subha/23379138 | title=Khajuraho of Assam | publisher=peperonity.com | accessdate=December 29, 2011}}</ref> আখ্যা দিয়া হৈছে।
 
==স্থাপত্য আৰু ভাস্কৰ্য==
37 নং শাৰী:
 
==ইতিহাস==
নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় [[পাল ৰাজবংশ]]ৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল [[প্ৰাগজ্যোতিষপুৰ]]ত, অৰ্থাৎ বৰ্তমানৰ [[গুৱাহাটী]]ত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা [[পুষ্পভদ্ৰা তাম্ৰলিপি]]ত তেওঁৰ ৰাজধানী [[কামৰূপ]] নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন [[উত্তৰ গুৱাহাটী]]ত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ স্থানান্তৰ কৰিছিল। বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাষ্টা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ নগৰী বুলি থাৱৰ কৰিছে। মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাথো দহ কিলোমিটাৰ। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল, সেই সম্পৰ্কে ইতিহাস নিৰৱ।<ref name="a.assam" />
 
==উপাসনা==
মদন কামদেৱত শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত শৈৱ ধৰ্মৰ সুঁতিটো নিৰৱিচ্ছিন্ন ভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়। প্ৰথমটো শিৱৰ একক ৰূপ আৰু দ্বিতীয়টো শিৱ-পাৰ্ৱতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ-পাৰ্ৱতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। এই দুটা ৰূপ পৃথক সত্বা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্বা। [[কালিকা পুৰাণ]]ৰ মতে [[নৰকাসুৰ|নৰকে]] কামাখ্যাত দেৱীপূজা প্ৰৱৰ্তন কৰাৰ আগেয়ে কামৰূপৰ অধিবাসীসকলৰ উপাস্য দেৱতা আছিল শিৱ। নৰকৰ দিনত শক্তিবাদে বিশেষভাৱে গা কৰি উঠে যদিও দেশৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ কমি যোৱা নাছিল। কামৰূপত ৰাজত্ব কৰা পৰৱৰ্তী [[বৰ্মন বংশ|বৰ্মন]],[[ শালস্তম্ভ]], [[পাল বংশ|পাল]] আদি ৰাজবংশ শৈৱপন্থী আছিল। ইতিমধ্যে আৱিষ্কৃত হোৱা বিভিন্ন তাম্ৰলিপিৰ পৰা জনা গৈছে যে শালস্তম্ভ আৰু পাল বংশ শিৱৰ যুগ্ম ৰূপৰ উপাসক আছিল। বনমাল বৰ্মন (৮৩৫- ৬০ খৃঃ), ইন্দ্ৰপাল আদি ৰজা তাম্ৰলিপিত তেওঁলোকৰ ইষ্ট দেৱতা 'কামেশ্বৰ-মহাগৌৰী' বুলি উল্লেখ কৰিছে। পাল বংশীয় ৰজাসকল শৈৱপন্থী আছিল যদিও তেওঁলোকে [[শক্তিবাদ]]ৰো যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লাহে লাহে অসমত শক্তিবাদৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে আৰু শৈৱ-শক্তিৰ যুগ্ম উপাসনা ক্ৰমশঃ নাইকীয়া হৈ আহিল। সম্ভৱতঃ এই উপাসনা পদ্ধতিৰ বাবেই অসমৰ বহু প্ৰাচীন মন্দিৰ, যেনে [[কামাখ্যা মন্দিৰ|কামাখ্যা]], [[হয়গ্ৰীৱ মাধৱ মন্দিৰ|হয়গ্ৰীৱ]] আদিয়ে পৰৱৰ্তী কালত [[কোঁচ]], [[আহোম]] আদি শাসকৰ পৃষ্ঠপোষকতা পোৱাৰ দৰে মদন কামদেৱে কোনো পৃষ্ঠপোষকতা নাপালে আৰু এদিন হাবি-বননিয়ে সমগ্ৰ অঞ্চল ঢাকি ধৰিলে।<ref name="a.assam" />
 
==তথ্যসূত্ৰ==
50 নং শাৰী:
[[শ্ৰেণী:কামৰূপ জিলা]]
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
[[শ্ৰেণী:ভাৰতৰ পুৰাতাত্বিক ক্ষেত্ৰ]]