বিষ্ণুপ্ৰসাদ ৰাভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
108 নং শাৰী:
 
===ব্যক্তিগত জীৱন===
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত [[যোৰহাট]]ৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত [[বিবাহ]] পাশত আবদ্ধ হয়{{cn}}৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই [[নলবাৰী]]ৰ [[বেলশৰ]]ৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়। ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাখাতা ভাওৰাগুৰী গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।ৰাভা।স্বামী ৰাভাোদৱৰ মৃত্যুৰ পাছতো| মেহিনী বালা বসুমতাৰীৰ নিজৰ সমাজৰ লগত অনেক কাৰ্য্যসূচী লগত জড়িত কৰি জীৱন জাপন কৰি ৰাভা পৰিয়ালৰ দ্বায়িত্বভাৰ লৈছিল।
 
<br />
===মৃত্যু===
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা [[কৰ্কট ৰোগ]]ত ভুগি তেখেতৰ মৃত্যু হয়।<ref name=shiv>http://onlinesivasagar.com/music/bishnu-rabha.html আ্ৰণ কৰা তাৰিখ: ২০-০৬-২০১২</ref>